কেতিয়াও পাহৰিব নোৱাৰা সেই স্মৃতিবোৰ !- অঞ্জু শাণ্ডিল্য

Pc- Inc. magazine

কেতিয়াও পাহৰিব নোৱাৰা সেই স্মৃতিবোৰ !

অঞ্জু শাণ্ডিল্য

      কিছুমান কথা মনৰ মণিকোঠাত আজীৱন ৰৈ যায়। কেতিয়াও পাহৰিব নোৱাৰি। স্মৃতিৰ সফুঁৰাত কৈশোৰ- যৌৱনৰ কথা ঠাঁহ খাই থাকে। কৈশোৰ –যৌৱনৰ সন্ধিক্ষণত যোৰহাটৰ জে বি কলেজত পঢ়া সেই দিনবোৰৰ কথা আজিও মনত আছে। গুৱাহাটীতে থকা আমি পাঁচজনী সহপাঠী শ্বিলঙৰ বৰাপানী লৈ ওলালোঁ। উদ্দেশ্য দিনটো একেলগে কটোৱাৰ। চাহ একাপ খাবলৈ নংপুৰ জিভা ৰেষ্টুৰেণ্টত সোমালোঁ। চাহকাপ দেখি সৰুতে মায়ে গৰম গাখীৰত চাহৰ ৰং দি খাবলৈ দিয়া গাখীৰ গিলাচলৈ মনত পৰিল। ঠাণ্ডা দিনত মা-দেউতাই ধোঁৱা বলি থকা চাহ খোৱা দেখি আমিও খাবলৈ ইচ্ছা কৰাত, গাখীৰতে চাহ মিহলাই খাবলৈ দিছিল। গৰম গাখীৰে পুৰিব বুলি কুহুমীয়া কৰি দিছিল। নংপোৰ চাহকাপো কুহুমীয়া গৰম যেন হৈ পৰিছিল আৰু চাহকাপৰো ৰং সৰুতে মায়ে চাহ মিহলোৱা গাখীৰৰ ৰঙৰ আছিল। জানুৱাৰী মাহৰ প্ৰচণ্ড শীতত সেই চাহকাপে আমাক আমেজ দিব পৰা নাছিল। মনত পৰিছিল যোৰাহাটৰ পেৰেডাইজ ৰেষ্টুৰেণ্টৰ ধোঁৱা বলি থকা গৰম চাহকাপলৈ। ঠাণ্ডা দিনত প্ৰেক্টিকেল ক্লাচ কৰি আমি দৌৰ মাৰিছিলোঁ পেৰেডাইজলৈ। চাহ, পৰঠা, চিংৰা, কেক আদিৰ জুতিলগা, সোৱাদ মনত পৰিল। পেৰেডাইজৰ চাৰিজনীয়া টেবুলখনত চকী টানি আনি ছজনী-সাতজনীকৈ (পূৰবী,অঞ্জলী,মঞ্জু, কণিকা, অঞ্জুমান, মৃণালী) বহিছিলোঁ। জিভাতো আমি চাৰিজনীয়া টেবুলখনত আৰু এখন চকী টানি পাঁচজনী বহিছিলোঁ। কণিকা আৰু অঞ্জুমানহে লগত নাছিল। দুয়োজনীলৈ বৰ মনত পৰিল। পাঁচোজনীয়ে যোৰহাটৰ পেৰেডাইজৰ স্মৃতি ৰোমন্থন কৰিলোঁ। কোনেও কথাবোৰ পাহৰা নাই। প্ৰথম স্ক’লাৰশ্বিপৰ পইচা পোৱাৰ দিনাও ষ্টেটবেংকৰ পৰা বাহিৰে বাহিৰে পেৰেডাইজলৈ ঢাপলি মেলিছিলোঁ।

      বনকৰিঙৰ দৰে জঁপিয়াই জঁপিয়াই কেমিষ্ট্ৰি গেলেৰী, ফিজিক্স গেলেৰীলৈ চিৰিৰে বগাই গৈ ক্লাচ কৰিছিলোঁ। কেমেষ্ট্ৰি, ফিজিক্স, জুল‘জী, ব’টানীৰ প্ৰেক্টিকেল ক্লাচবোৰলৈ খৰকেদাকৈ চিৰিৰে গৈছিলোঁ। গাড়ীৰ পৰা নমাৰ পাছত ৰিকিঞ্জয় ৰিজ’টৰ প্ৰৱেশদ্বাৰৰ পৰা ইটো- সিটো চিৰি বগাই ডাইনিং হললৈ গৈ থাকোঁতে জেবি কলেজৰ কথাবোৰ মনলৈ আহিল। দুপৰীয়াৰ অহাৰ গ্ৰহণ কৰাৰ আগতে, পপকৰ্ণৰ গৰম চুপ খাই থাকোঁতে, আকৌ মালৈ মনত পৰিল। জহা চাউলৰ বা আন লাহী চাউলৰ ভাত ৰান্ধোঁতে মায়ে ভাতৰ নিসনি কাঢ়ি, তাত পাঁচফোৰণ বা জিৰা দি পকা সৰিয়হৰ তেল দিছিল। আদা, নিমখ, ধনীয়া পাত দি আমাক গৰমে গৰমে খাবলৈ দিছিল। মাৰ হাতৰ সেই জহা চাউলৰ ভাতৰ মাৰ(নিসনি)ৰ চুপৰ লগত এই পপকৰ্ণৰ চুপৰ তুলনাই নহয়। কেতিয়াবা পাতলিয়াকৈ মচুৰ ডাইল ৰান্ধিও জালুকৰ গুড়ি দি চুপৰ দৰে খাবলৈ দিছিল। কিছুসময়ৰ পাছত ভাত, মাংস, ডাইল, ভাজি, তৰকাৰী আদি টেবুলত সজাই দিলেহি। আমাৰ ভোকো লাগিছিল আৰু খাবলৈ আৰম্ভ কৰিলোঁ। বাচমতি চাউলৰ সৈতে গোটা জিৰা দিয়া ফুলকবিৰ ভাজি ভালেই লাগিল, কিন্তু মায়ে ৰন্ধা জৰজৰীয়া ভাতৰ লগত  পাঁচফোৰণ দিয়া ফুলকবিৰ ভাজি বেছি সোৱাদ লগা আছিল। কেঁচা-পকা জলকীয়া ফালি দিয়া, ধনীয়া পাত কুটি দিয়া মাৰ হাতৰ সেই ফুলকবিৰ ভাজিখন দেখিলেই লোভৰ পানী পৰিছিল। চাইনিজ মাঞ্চুৰিয়ান ব্যঞ্জন খাই মায়ে ৰন্ধা মচুৰ ডাইলৰ কোপ্তালৈহে মনত পৰিল। ৰঙচুৱা বৰণৰ ৰহৰ ডাইলখনেও মায়ে পাঁচফোৰণ-জিৰা-শুকান জলকীয়া-তেজপাত দি তেলমৰা ৰহৰ ডাইলৰ লগত ফেৰ মাৰিব নোৱাৰে। মগু-মচুৰ ডাইলৰ মা-মচলা দিয়া তৰকাৰীখন খাই খাই  মায়ে ৰন্ধা মিহলি ডাইলৰ তৰকাৰীখনলৈ মনত পৰিল। মায়ে বিশেষ মা-মচলা নিদিছিল। ধনীয়া-আদা-জিৰা- জালুকৰ গোন্ধত মলমলাই থকা তৰকাৰী সোৱাদত দুগৰাহমান ভাত বেছিকৈয়ে খাব পৰা গৈছিল। কৃত্ৰিম ৰং দিয়া মুৰ্গীৰ মাংসৰ প্লেটখন দেখি আকৌ জিৰা-জালুক,অমিতা-আলু দি মায়ে ৰন্ধা পাৰ মাংসৰ পথপথপীয়া জোলখনলৈ মনত পৰিল। গাজৰ, বীন, কুমলীয়া গোমধানৰ লগত পনীৰ দিয়া তৰকাৰীখন মুখত দিয়েই মাৰ হাতৰ মান-মিহলি পাচলিৰ তৰকাৰীখনলৈ মনত পৰিল। সেইখন তৰকাৰী থপথপীয়া কৰিবলৈ মায়ে মায়ে ভাতৰ মাৰ নহ’লে  পিঠাগুৰি গুলি মিহলাই দিছিল। মাৰ হাতৰ সুস্বাদু ব্যঞ্জনৰ কথা কেতিয়াও পাহৰিব নোৱাৰি। কথা পাতি পাতি ভাত খাই থাকোঁতে আমি পেৰেডাইজত ভাত খোৱাৰ কথাও উলিয়ালোঁ। যিদিনা কলেজত আবেলিলৈকে(তিনি বজা বা তিনি বাজি চল্লিশ মিনিটলৈকে) ক্লাচ আছিল, সেইদিনা পেৰেডাইজত অসমৰ থলুৱা ব্যঞ্জনেৰে ভাত খাইছিলোঁ। লগৰ কোনোবা জনীৰ মামা, খুড়া আদিক লগ পালেও পেৰেডাইজত খাবলৈ গৈছিলোঁ। মৃণালী খুড়াক(বিষ্ণু দা) দেখিবলৈ ঋষি কাপুৰৰ দৰে আছিল। কৰ্মসূত্ৰে অন্ধপ্ৰদেশত থকা খুড়া  আহিলেই আমি পেৰেডাইজত খাইছিলোঁ। ৰিকিঞ্জয়ত আমাৰ টেবুলৰ ওচৰতে প্ৰেমিক-প্ৰেমিকা এযোৰাই এখন টেবুল দখল কৰি প্ৰেমালাপত মগ্ন আছিল। আমি যোৰহাটৰ পেৰেডাইজ, গেচ’দা, মাদ্ৰাজ হোটেলত দেখা এনে দৃশ্যবোৰৰ কথা পাতিছিলোঁ।

      ৰিকিঞ্জয় ৰিজʼটৰ চৌপাশৰ দৃষ্টিনন্দন পৰিৱেশ আমি ঘূৰি-পৰি চাইছিলোঁ। অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যই আমাক মোহিত কৰিছিল। কাষৰ নদীসদৃশ জলৰাশিৰ উপৰিভাগত  আবেলিৰ বেলিৰ ৰঙচুৱা পোহৰে এক অভিনৱ দৃশ্যৰ সৃষ্টি কৰিছিল। মন উৰি গৈছিল মাজুলীৰ জলাশয়ৰ নান্দানিক পৰিৱেশলৈ। পক্ষীৰ কলৰবেৰে মুখৰিত মাজুলীৰ দৰে ইয়াত পক্ষীৰ সমাগত নেদেখিলোঁ। আকাশখন চানিও মাজুলীত চৰাই জাক পাতি উৰি ফুৰে। বৰাপানীত সেয়াও দেখা নাই। নাতি দূৰৰ পাহাৰৰ দৃশ্যাৱলীয়ে তিতাবৰৰ ৰঙাজান চাহ বাগিচাত কটোৱা দিনবোৰলৈ লৈ গ’ল। বাগিচাৰ আলিবাট, খেল-পথাৰ আদিৰ পৰাই নগা- পাহাৰৰ সৌন্দৰ্য  আমাৰ চকুত পৰিছিল। নগা পাহাৰখন একেবাৰে ওচৰতে থকা যেন লাগিছিল। মাজে মাজে ফটোৰ বাবে, গাত ৰ’দ লগাবলৈ ৰিকিঞ্জয়ৰ বাৰান্দাৰ চিৰিত বহোঁতেও জে বি কলেজৰ বিভিন্ন বিভাগৰ বাৰান্দা, অডিটৰিয়ামৰ বাৰান্দাত বহি আদ্দা দিয়াৰ কথা মনলৈ আহিল। তেনেকৈ বহি থাকোঁতে, কোট-পেণ্ট পিন্ধা ধুনীয়া ল’ৰা এজন দেখি চিঞৰি উঠিছিলোঁ- “ ঐ চাচোন, একদম হৰেণৰ- নিচিনা দেখিবলৈ। হৰেণেও ঠাণ্ডাদিনত এনেকৈ  কলেজলৈ কোট পিন্ধি  আহিছিল।”

      পূৰৱীয়ে কলে-“ অʼ গম পালো, অঞ্জুৱে তাৰমানে হৰেণক কলেজত চাইছিল।কোন হৰেণ আমাৰ মনতেই নাই। আৰু হৰেণক ভালো দেখিছিল।”

      ঃ ময়েই নহয়, কণিকায়ো ভাল দেখিছিল।

      এনেকৈ বহু কথাই পাতিলোঁ। জে বি কলেজৰ বহু স্মৃতিয়ে আমনি কৰিলেহি। নাই, পাহৰিব খুজিলেও বহু কথা পাহৰিব নোৱাৰি। কৈশোৰ-যৌৱনৰ সন্ধিক্ষণতেই জে বি কলেজত নামভৰ্তি কৰিছিলোঁ, কিন্তু সেইদিনা আমি যেন আকৌ সেই দিনবোৰলৈ উভতি গৈছিলোঁ। তাতে আকৌ পাঁচোজনীয়েই যোৰহাটৰ জীয়ৰী। আমাৰ চকুৰ আগত যোৰহাটখন ভাহি উঠিছিল।