লক্ষ্ণৌৰ বিৰুদ্ধে ৫ উইকেটত  জয় চেন্নাই

Pc ESPNcricinfo

লক্ষ্ণৌৰ বিৰুদ্ধে ৫ উইকেটত  জয় চেন্নাই

ৰঙিলী বাৰ্ত্তাসেৱা-  লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে অনুষ্ঠিত মেচত ৫ উইকেটত জয়লাভ কৰে চেন্নাই ছুপাৰ কিংছে। দলটোৰ জয়ৰ মূলতে উর্ভিল পটেলৰ বিস্ফোৰক বেটিঙে বিশেষ গুৰুত্ব লাভকৰে। উর্ভিলে ১৩টা বলতে আইপিএলত দ্রুততম অর্ধশতক অৰ্জন কৰি খেলখনত চেন্নাইৰ বিজয়ৰ পথ সহজ কৰি তোলে। উর্ভিলে ২৩টা বলত ৮টা ছয় আৰু ২টা চাৰিৰে ৬৫ ৰানৰ বৰঙণি আগঢ়ায়। অধিনায়ক ৰুতুৰাজ গাইকোৱাডে ২৮টা বলত ৪২ ৰান কৰি আউট হয়। দলটোৱে ১৯.২ অভাৰত ৫টা উইকেট হেৰুৱাই বিজয়ীৰ লক্ষ্যত উপনীত হয়। এই জয়েৰে চেন্নায়ে পইন্ট তালিকাত ৰাজস্থান ৰয়েলছক চেৰ পেলাই পঞ্চম স্থানলৈ অগ্ৰসৰ হয়। ইফালে, টছত জিকি চেন্নাই ছুপাৰ কিংছে লক্ষ্ণৌক প্রথমে বেটিং কৰাৰ বাবে আমন্ত্রণ জনায়। প্ৰথমে বেটিং কৰি জোছ ইংলিছ আৰু মিছেল মার্শ্বে সুন্দৰ আৰম্ভণি কৰে যদিও দলীয় স্ক’ৰ ৭৭ত প্রথম উইকেট হেৰুৱায় লক্ষ্ণৌৱে। ইয়াৰ পিছত নিকোলাছ পুৰান, অধিনায়ক ঋষভ পণ্টকে ধৰি টপ অৰ্ডাৰ বেটছমেনসকলৰ ব্যর্থতাই এসময়ত দলটোক সমস্যাত পেলায়। অ’পেনাৰ জোছ ইংলিছে ৩৩টা বলত ৮৫ ৰান কৰাৰ পিছত শ্বাহবাজ আহমেদে ৪৩ ৰানৰ যোগেদি লক্ষ্ণৌৱে ২০ অভাৰত ২০৩ ৰান কৰিবলৈ সক্ষম হয়। চেন্নাইৰ হৈ জেমি অভাৰটনে সর্বাধিক ৩টা, অংশুল কম্বোজে ২টা আৰু নুৰ আহমেদে ১টা উইকেট দখল কৰে। জেমি অভাৰটনক প্লেয়াৰ অৱ দ্য মেচৰ সন্মান প্ৰদান কৰা হয়।