ডকাইতৰ আক্ৰমণত আহত চিকিৎসক পত্নী ৰূপৰেখাৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- ডকাইতৰ দলৰ নৃশংস আক্রমণত অতি গুৰুতৰভাৱে আহত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা নগাঁও চহৰৰ মৰিকলঙৰ চিকিৎসক ৰঞ্জিত শইকীয়াৰ পত্নী ৰূপৰেখা শইকীয়াৰ পুৱতি নিশা প্ৰায় ৩.৩০ বজাত চিকিৎসালয়তে মৃত্যু হয়। উল্লেখ্য যে যোৱা ২৪ এপ্ৰিলৰ পুৱতিনিশা নগাঁও চহৰৰ মৰিকলঙত চিকিৎসক ৰঞ্জিত শইকীয়াৰ বাসগৃহত এটা ছয়জনীয়া ডকাইতৰ দলে এক লোমহর্ষক ডকাইতিৰ ঘটনা সংঘটিত কৰিছিল। এই ডকাইতিৰ ঘটনাত সশস্ত্র ডকাইতৰ নৃশংস আক্ৰমণত ডাঃ ৰঞ্জিত শইকীয়া আৰু তেওঁৰ পত্নী ৰূপৰেখা শইকীয়া গুৰুতৰভাৱে আহত হয়। মৰিকলং আৰক্ষী চকীৰ পৰা কিছু নিলগৰ মৰিকলং সেউজ নগৰৰ উল্লিখিত চিকিৎসক দম্পতীৰ বাসগৃহত মুখত ক’লা কাপোৰ পিন্ধি অহা ডকাইতৰ দলে তেওঁলোকৰ ঘৰৰ দুৱাৰ ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি তাণ্ডৱ চলাইছিল। ডকাইতৰ নৃশংস আক্ৰমণত গুৰুতৰভাৱে আহত হৈ তেজেৰে লুতুৰি-পুতুৰি হৈ চিকিৎসক ডাঃ শইকীয়াই তেওঁৰ ঘৰত ভাৰাতীয়া হিচাপে থকা আৰু ওচৰতে থকা সম্পৰ্কীয় লোকৰ ঘৰত কলিং বেল বজায় আৰু লগে লগে তেওঁলোক বাহিৰলৈ আহি ডাঃ শইকীয়াৰ অৱস্থা দেখি হতভম্ব হৈ পৰে। গুৰুতৰভাৱে আহত চিকিৎসক গৰাকীয়ে সেহাই সেহাই ঘটনাৰ বিষয়ে বিৱৰি কয়। লগে লগে তেওঁলোকৰ লগতে স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হয়। ঘৰৰ ভিতৰৰ বিছনাত চিকিৎসকগৰাকীৰ পত্নী ৰূপৰেখা শইকীয়াক অতি সংকটজনক অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে। লগে লগে ৰাইজে চিকিৎসক গৰাকী আৰু তেওঁৰ পত্নীক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ আনে যদিও অৱস্থা সংকটজনক হোৱাত দুয়োকে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভর্তি কৰায়। চিকিৎসালয়খনত জৰুৰীকালীন চিকিৎসা প্ৰদান কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। পিছলৈ চিকিৎসক ৰঞ্জিত শইকীয়া সুস্থ হয় যদিও তেওঁৰ পত্নী ৰূপৰেখা অতি সংকটজনক অৱস্থাত চিকিৎসালয়ত জীৱন মৃত্যুৰে যুঁজি আছিল। অৱশেষত শনিবাৰে পুৱতিনিশা তেওঁ জীৱন যুঁজত হাৰ মানিলে। উল্লেখ্য যে লুটপাতৰ সময়ত ডকাইতৰ দলটোৱে চিকিৎসক গৰাকীক লোৰ ৰডেৰে প্ৰহাৰ কৰাত তেওঁৰ পত্নী ৰূপৰেখাই চিঞৰ-বাখৰ কৰাত তেওঁকো ডকাইতৰ দলটোৱে লোৰ ৰডেৰে অতি নৃশংসভাৱে প্ৰহাৰ কৰি মুমূর্ষু অৱস্থাত পেলাই থৈ যায়। যোৱা ২৪ এপ্ৰিলৰ পৰাই ৰূপৰেখা চিকিৎসালয়ৰ ভেন্টিলেচনত ক’মা অৱস্থাত আছিল। বিয়লি প্রায় ৫ বজাত ৰূপৰেখা শইকীয়াৰ মৃতদেহ মৰিকলঙৰ সেউজ নগৰৰ ঘৰ পোৱাৰ লগে লগে অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। ৰূপৰেখাৰ মৃত্যুৰ বাতৰি প্ৰকাশ হোৱাৰ লগে লগেই মৰিকলঙত শোকৰ ছাঁ পৰে।
