যান্ত্ৰিক খণ্ডত দক্ষতাভিত্তিক কেৰিয়াৰ – ড° বুলজিৎ বুঢ়াগোহাঁই

Pc Redline Group

যান্ত্ৰিক খণ্ডত দক্ষতাভিত্তিক কেৰিয়াৰ 

ড° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা  তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয় ,
আজাৰা,গুৱাহাটী

বৰ্তমান বিশ্বত নিয়োগৰ ধাৰণাটো দ্ৰুতগতিত সলনি হৈ আছে। এসময়ত কেৱল বিশ্ববিদ্যালয়ৰ ডিগ্ৰীটোৱেই সফল কেৰিয়াৰৰ চাবিকাঠি বুলি গণ্য কৰা হৈছিল যদিও আজিৰ ঔদ্যোগিক সমাজত ব্যৱহাৰিক দক্ষতাও সমানেই মূল্যৱান সম্পদ। ভাৰতৰ উৎপাদন, অটোম’বাইল, নিৰ্মাণ, তেল আৰু গেছ, বিদ্যুৎ উৎপাদন, কৃষি যান্ত্ৰিকীকৰণ, ৰেলৱে, বিমান পৰিবহণ, জাহাজ নিৰ্মাণ, মহাকাশ , খনন উদ্যোগ আদিৰ দ্ৰুত সম্প্ৰসাৰণে প্ৰশিক্ষিত কাৰিকৰী কৰ্মীৰ প্ৰয়োজনীয়তা যথেষ্ট বৃদ্ধি কৰিছে। ‘মেক ইন ইণ্ডিয়া’, ‘স্কিল ইণ্ডিয়া’ আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ৰ দৰে চৰকাৰী পদক্ষেপেও যান্ত্ৰিক ক্ষেত্ৰখনৰ  উন্নয়নত নতুন গতি প্ৰদান কৰিছে।

বহুতে এতিয়াও ভাবে যে যান্ত্ৰিক খণ্ডটো কেৱল মেকানিকেল ইঞ্জিনিয়াৰৰ পেছাহে। বাস্তৱত আধুনিক উদ্যোগ এটাৰ সফলতা বহুলাংশে নিৰ্ভৰ কৰে ফিটাৰ, মেচিনিষ্ট, টাৰ্নাৰ, ৱেল্ডাৰ, চিএনচি মেচিন অপাৰেটৰ, টুল এণ্ড ডাই মেকাৰ, মেইণ্টেনেন্স টেকনিচিয়ান, ডিজেল মেকানিক্, এইচভিএচি টেকনিচিয়ান, ৰবটিক্স , অটোমেচন টেকনিচিয়ান আদি পেছাদাৰীৰ ওপৰত। এই বিশেষজ্ঞসকলে সঁজুলি স্থাপন, পৰিচালনা, ত্ৰুটি নিৰ্ণয় আৰু কাৰ্যক্ষমতা অক্ষুণ্ণ ৰখাৰ জৰিয়তে উৎপাদন প্ৰক্ৰিয়া অব্যাহত ৰাখে।

ইণ্ডাষ্ট্ৰী ৪.০ৰ যুগত কৃত্ৰিম বুদ্ধিমত্তা ,ৰবটিক্স, অটোমেচন, স্মাৰ্ট মেনুফেকচাৰিং, ইণ্ডাষ্ট্ৰিয়েল ইন্টাৰনেট অৱ থিংছ , চিএনচি টেকন’লজি , থ্ৰীডি প্ৰিণ্টিং আদিৰ দৰে উন্নত প্ৰযুক্তিয়ে উৎপাদন প্ৰক্ৰিয়াটোক আমূল পৰিৱৰ্তন আনিছে। ফলস্বৰূপে কম্পিউটাৰ নিয়ন্ত্ৰিত মেচিনৰ পৰিচালনা, ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰ, গুণগত নিশ্চয়তা আৰু সুৰক্ষা নীতিৰ সম্পৰ্কীয় জ্ঞানেও শাৰীৰিক পৰিশ্ৰমৰ লগতে সমানে গুৰুত্ব লাভ কৰিছে। হাতে-কামে কৰাৰ আগ্ৰহ, সমস্যা সমাধানৰ ক্ষমতা আৰু নতুন প্ৰযুক্তি আয়ত্ত কৰাৰ মানসিকতা থকা শিক্ষাৰ্থীসকলৰ বাবে এই খণ্ডটোত এক উজ্জ্বল কেৰিয়াৰ বিকল্প।

যান্ত্ৰিক খণ্ডৰ অন্যতম জনপ্ৰিয় বৃত্তি হৈছে ফিটাৰ। বিভিন্ন যন্ত্ৰপাতি ইনষ্টলেচন, এলাইনমেণ্ট, প্ৰিভেণ্টিভ মেইণ্টেনেন্স আৰু মেৰামতিৰ দায়িত্ব তেওঁলোকৰ ওপৰত ন্যস্ত থাকে। উৎপাদন উদ্যোগ, বিদ্যুৎ কেন্দ্ৰ, তীখা উদ্যোগ, তেল আৰু গেছ উদ্যোগ , ভাৰতীয় ৰেলৱেকে আদি কৰি বিভিন্ন প্ৰতিষ্ঠানত ফিটাৰক নিয়োগৰ সুযোগ সদায় থাকে।

একেদৰে মেচিনিষ্ট আৰু টাৰ্নাৰসকলে লেথ, মিলিং, গ্ৰাইণ্ডিং, ড্ৰিলিং , চিএনচি মেচিন আদি ব্যৱহাৰ কৰি অতি নিখুঁত যন্ত্ৰাংশ প্ৰস্তুত কৰে। অটোম’বাইল, বিমান, চিকিৎসা সঁজুলি , প্ৰিচিচন ইঞ্জিনিয়াৰিং উদ্যোগ আদিত এই বিশেষ দক্ষতাসমূহৰ যথেষ্ট মূল্য আছে। আনহাতে ৱেল্ডাৰসকলে আৰ্ক, এম আই জি, টি আই জি, গেছ , স্পট ৱেল্ডিং আদিৰ জৰিয়তে ধাতুৰ অংশসমূহ সংযোগ কৰে। দেশ-বিদেশত নিৰ্মাণ, গধুৰ অভিযান্ত্ৰিক, জাহাজ নিৰ্মাণ, তেল আৰু গেছ , অটোম’বাইল উদ্যোগ আদিত তেওঁলোকৰ বাবে ব্যাপক নিয়োগৰ সুযোগ আছে।

কম্পিউটাৰ নিয়ন্ত্ৰিত উৎপাদন ব্যৱস্থাত চিএনচি মেচিন অপাৰেটৰ আৰু টুল এণ্ড ডাই মেকাৰেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁলোকে উচ্চ নিখুঁত মেচিনৰ অংশৰ লগতে ডাই, মল্ড, জিগ, ফিক্সচাৰ , গেজ আদি নিৰ্মাণ কৰে। তদুপৰি মেইণ্টেনেন্স টেকনিচিয়ান, পাম্প টেকনিচিয়ান, কম্প্ৰেছাৰ টেকনিচিয়ান, বয়লাৰ অপাৰেটৰ, ৰেফ্ৰিজাৰেচন এণ্ড এইচভিএচি টেকনিচিয়ানসকলে  যন্ত্ৰপাতিসমূহ সচল ৰাখি উদ্যোগসমূহৰ উৎপাদনশীলতা বৃদ্ধি কৰে।

ডিজেল মেকানিক, গধুৰ সঁজুলি মেকানিক, ট্ৰেক্টৰ মেকানিক , ফাৰ্ম মেচিনেৰী টেকনিচিয়ান আদি সকলৰো কৃষি আৰু নিৰ্মাণ খণ্ডত বহুতো চাকৰি আছে। এক্সকেভেটৰ, বুলডজাৰ, ক্ৰেন, ট্ৰেক্টৰ, হাৰ্ভেষ্টাৰ, জেনেৰেটৰ আদি যন্ত্ৰপাতিৰ কাৰ্যক্ষমতা বজাই ৰখাত তেওঁলোকৰ ভূমিকা অপৰিহাৰ্য।

উৎপাদিত সামগ্ৰীৰ মান নিশ্চিত কৰাৰ ক্ষেত্ৰত কোৱালিটি কন্ট্ৰোল টেকনিচিয়ান আৰু নন-ডেষ্ট্ৰাক্টিভ টেষ্টিং (এনডিটি) টেকনিচিয়ানসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ভাৰ্নিয়াৰ কেলিপাৰ, মাইক্ৰ’মিটাৰ, ক’অৰ্ডিনেট মেজাৰিং মেচিন (চিএমএম),, আল্ট্ৰাছ’নিক, ৰেডিঅ’গ্ৰাফিক আৰু মেগনেটিক পাৰ্টিকেল টেষ্টিঙৰ সহায়ত তেওঁলোকে মানদণ্ড পৰীক্ষা কৰি উৎপাদিত বস্তুৰ নিৰ্ভৰযোগ্যতা নিশ্চিত কৰে।

বৰ্তমান যান্ত্ৰিক খণ্ডত সফলতা লাভ কৰিবলৈ কেৱল প্ৰশিক্ষণ যথেষ্ট নহয়; কাৰিকৰী জ্ঞানৰ লগতে ব্যক্তিগত দক্ষতাও সমানে গুৰুত্বপূৰ্ণ।  অভিযান্ত্ৰিক অংকন, মেচিন অপাৰেচন, নিখুঁত জোখ-মাখ, সমস্যা সমাধান, ঔদ্যোগিক সুৰক্ষা, গুণগত নিয়ন্ত্ৰণ, কম্পিউটাৰ সাক্ষৰতা, দলীয় কাম , সময় ব্যৱস্থাপনা বুজা আদিৰ দৰে কাৰিকৰী আৰু ব্যক্তিগত দক্ষতাই এজন পেছাদাৰীক অধিক যোগ্য আৰু প্ৰতিযোগিতামূলক কৰি তোলে।

দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত আই টি আই, পলিটেকনিক ডিপ্লমা, এপ্ৰেণ্টিছশ্বিপ প্ৰগ্ৰেম, স্কিল ডেভেলপমেণ্ট পাঠ্যক্ৰম বা বিভিন্ন কোম্পানীৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে এই খণ্ডত প্ৰৱেশ কৰিব পাৰি। হাতে-কামে প্ৰশিক্ষণ আৰু ব্যৱহাৰিক অভিজ্ঞতাৰ সহায়ত কম সময়ৰ ভিতৰতে কৰ্মজীৱন আৰম্ভ কৰাৰ সুবিধা লাভ কৰা যায়।

এই খণ্ডৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য হ’ল ই কেৱল চাকৰিৰ সুযোগতে সীমাবদ্ধ নহয়। অভিজ্ঞতা সঞ্চয় কৰাৰ পাছত বহুতে ফেব্ৰিকেচন ৱৰ্কশ্বপ, ৱেল্ডিং চেণ্টাৰ, মেচিন শ্বপ, চিএনচি জব ৱৰ্ক চেণ্টাৰ, ডিজেল ইঞ্জিন মেৰামতি গেৰেজ, উদ্যোগিক ৰক্ষণাবেক্ষণ সেৱা , কৃষি যন্ত্ৰ সেৱা কেন্দ্ৰ আদি স্থাপন কৰি নিজকে সফল উদ্যোগী হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে। ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়  (এম এছ এম ই), প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী(পি এম ই জি পি), প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আদিৰ চৰকাৰী আঁচনিয়ে নতুন উদ্যোগ গঢ়ি তোলাতো সহায় আগবঢ়ায়।

ভৱিষ্যতে স্মাৰ্ট মেনুফেকচাৰিং, ইলেক্ট্ৰিক ভেহিকেল (ইভি), নবীকৰণযোগ্য শক্তি সঁজুলি, হাই-স্পীড ৰেল, এৰ’স্পেচ, ডিফেন্স প্ৰডাকচন, এডিটিভ মেনুফেকচাৰিং , ডিজিটেল মেনুফেকচাৰিং আদিৰ দৰে উদীয়মান ক্ষেত্ৰসমূহত যান্ত্ৰিক বিশেষজ্ঞৰ ভূমিকা বৃদ্ধি পাব। অসমৰ ক্ষেত্ৰত তেল আৰু গেছ উদ্যোগ, শোধনাগাৰ, চাহ উদ্যোগ, খাদ্য সংসাধন, চিমেণ্ট, কাগজ উদ্যোগ, বিদ্যুৎ, ৰেলৱে আৰু ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ খণ্ডৰ সম্প্ৰসাৰণে এই বৃত্তিসমূহৰ সম্ভাৱনা ক্ৰমাগতভাৱে উজ্জ্বল কৰি তুলিছে।

আজিৰ প্ৰতিযোগিতামূলক যুগত বাস্তৱসন্মত দক্ষতা সফলতাৰ অন্যতম ভেটি। মাধ্যমিক বা উচ্চতৰ মাধ্যমিক শিক্ষাৰ পিছত পেছাদাৰী দক্ষতা আহৰণ কৰি সন্মানজনক আৰু সুস্থিৰ কৰ্মজীৱন গঢ়ি তুলিব বিচৰা শিক্ষাৰ্থীসকলৰ বাবে যান্ত্ৰিক খণ্ডৰ দক্ষতাভিত্তিক বৃত্তিসমূহ এক উৎকৃষ্ট বিকল্প। নতুন প্ৰযুক্তিৰ সৈতে নিজকে আপডেট কৰি ৰাখিব পাৰিলে এই ক্ষেত্ৰত দেশ-বিদেশ উভয়তে এই ক্ষেত্ৰত দীৰ্ঘম্যাদী সফলতা লাভ কৰাৰ অসীম সম্ভাৱনা আছে। কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৩০)ত যোগাযোগ কৰিব পাৰে।