মৌন প্ৰেম – শচীন্দ্ৰ কুমাৰ দাস

Pc Pexels

অনুগল্প

মৌন প্ৰেম

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

বতাহৰ আগে আগে দৌৰি ফুৰা
খোজত নাচোন তোলা আজলী মামনি
আজি দেখোন বৰ গহীন আৰু নিমাত হ’ল ,আচলতে তাই গাভৰু হ’ল। স্নিগ্ধ পাপৰিৰ দৰে বিকশিত হোৱা তাইৰ লাৱনী দেহত যৌৱনে বসন্ত নমাই আনিলে ঠিকেই , কিন্তু সমাজৰ বান্ধোনে কাঢ়ি ললে উশাহৰ স্বাধীনতা। সৰুকালৰ লগৰী অনুপমৰ বাবে বুকুত কঢ়িয়াই লৈ ফুৰা অবুজ প্ৰেমক মনে মনে সাৱতি, দেউতাকৰ সন্মানৰ বাবে তাই চকুলো লুকুৱাই মৌন হৈ ৰল।অৱশেষত চঞ্চলা মামনি কইনা সাজ পিন্ধি আন কাৰোবাৰ পদুলিত ভৰি দিলে আৰু সৰগৰ দেৱগণো বিমুগ্ধ হোৱা তাইৰ সেই দেহতো আনৰ হৈ পৰিল।

পদুলিৰ বকুল গছ জোপাৰ তলত থিয় হৈ অনুপমে মাথোঁ চাই ৰল – তাই গাভৰু হৈ বিদায় লোলে, থৈ গ’ল কেৱল‌এক চিৰদিনীয়া মৌন আৰ্তনাদ।।।