মই কিয় বুদ্ধ হ’ব নোৱাৰিলোঁ – মীনাক্ষী গোস্বামী

Pc JKYog India

মই কিয় বুদ্ধ হ’ব নোৱাৰিলোঁ

মীনাক্ষী গোস্বামী

মই কিয় বুদ্ধ হ’ব নোৱাৰিলোঁ?
বোধি বৃক্ষৰ তলত বঢ়ি লোভ মোহ, আকাংক্ষাৰ
শেষ জুইকুৰা মই নিশব্দে নুমুৱাব নোৱাৰো।
যিদৰে কাৰোবাৰ হাঁহিৰ খলকনিয়ে মোৰ বুকুত
বসন্তৰ কোমল বতাহ বোৱাই নিয়ে
দুখবোৰো একেদৰে শিল হৈ গোট মাৰে।
মোৰ ভিতৰৰ পৃথিৱীখন এমুঠি ধ্বংসস্তূপ হৈ পৰে,
যেতিয়া দেখোঁ
—মমতা ময়ীৰ আশীৰ্বাদ বিলোৱা,
সপোন সজোৱা হাত‌ দুখনি
যেতিয়া শিকলিৰে বান্ধি থোৱা হয়।
মই জানো, সেই দুখ মই কেৱল অনুভৱহে কৰিব পাৰো ।
অটল সাহস,আৰু সত্যৰ বাবে সকলো
হেৰুৱাব পৰা এক নিৰ্ভীক হৃদয় মোৰ নাই।
দুৱাৰদলীত ৰৈ থাকি আজিও মই নিজৰ ভয়,
মোহ দুৰ্বলতাৰ সৈতে নিৰৱ যুদ্ধ কৰি আছোঁ।
ভোগ-বিলাস,লোভ-মোহ আশা-নিৰাশাৰ
অন্তহীন ঘূৰ্ণিত প্ৰতিদিনে নিজকে হেৰুৱাই
আকৌ নিজকেই বিচাৰি ফুৰা এজন ক্লান্ত পথিক মই।
তথাপিও,আৰ্তজনৰ কৰুণ চকুহাল,
এটা বুভুক্ষ শিশুৰ কান্দোন,
এজন অসহায় বৃদ্ধৰ নীৰৱ নিশ্বাস
—এইবোৰে মোৰ অন্তৰখন ভাঙি চূৰমাৰ কৰে।
মই জানো মই কাৰোবাৰ
দুখ মচিব নোৱাৰো, নোৱাৰো বিনাশিব তিমিৰ ৰাশি
অথবা নোৱাৰো সলনি কৰিব পৃথিৱীখন প্ৰেমেৰে ।
মই হতাশা গ্ৰস্ত আহত পক্ষীও নহয়,
বোধি বৃক্ষৰ তলত বহি বুদ্ধ হ’বলৈ ভিতৰৰ
অন্ধকাৰ জয় কৰাৰ সাহস মোৰ নাই।
আৰু সেয়ে মই আজিও এজন অপূৰ্ণ সাধক।
নিজক জয় কৰাৰ বাবে অপেক্ষাৰত।