মিজোৰামত শিলৰ কুঁৱেৰী খহি জীৱন্তে পোত গ’ল ১২জনকৈ শ্ৰমিক

মিজোৰামত শিলৰ কুঁৱেৰী খহি জীৱন্তে পোত গ’ল ১২জনকৈ শ্ৰমিক

ৰঙিলী বাৰ্ত্তাসেৱা- মিজোৰামৰ হনাথিয়েল জিলাৰ মৌদাৰগাঁৱত খহি পৰা শিলৰ কুৱৰীৰ ধ্বংসাৱশেষৰ পৰা তিনিটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াকে লৈ বৰ্তমানলৈকে ১১ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু এজন লোক এতিয়াও সন্ধানহীন হৈ আছে বুলি জিলাখনৰ অতিৰিক্ত উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। বিএছএফ, অসম ৰাইফলছ, এনডিআৰএফ, ৰাজ্যিক আৰক্ষী আৰু জিলা প্ৰশাসনৰ দলসমূহে ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰৰ বাবে তালাচী অভিযানত নিয়োজিত হৈ আছে বুলি অতিৰিক্ত উপায়ুক্তগৰাকীয়ে লগতে কয়। জানিব পৰা মতে, হনাথিয়েল জিলাৰ মৌদাৰহৰ ব্যক্তিগত কোম্পানীৰ বাবে কাম কৰিছিল শ্ৰমিকসকলে।তেওঁলোকে মধ্যাহ্ন ভোজনৰ বিৰতিৰ পৰা উভতি অহাৰ পাছতেই এই ঘটনা সংঘটিত হয়।