জীৱনৰ কেনভাছত গলি আছে যি
জাহ্নৱী কাকতি
বহুদিনেই হ’ল
মোৰ স’তে মই
ৰাতি এটা যাপন কৰা নাই
মনত কৰা নাই
ক’ত খুলি থৈ আহিছিলোঁ
পানীৰঙৰ পোছাক
চাকি চোৱা নহ’ল
সেয়া বৰফ নে নিমখ
জীৱনৰ কেনভাছত গলি আছে যি
আজি
মোক
বিচাৰি যাম
কথা পাতিম
খেপিয়াই চাম
ভটিয়নী সোঁতত
ডুবিল নে তৰিল
মোৰ পালতৰা নাও
চিন দি থোৱাই নহ’ল যে
কিমান আছিল দীঘলীয়া
এৰি অহা সেই ঘাট
সহজ হ’ব জানো
উভতনি বাট?