ল’ৰালিৰ স্মৃতি
বাহাৰুল ইছলাম
বুকুত জাগি উঠে আজিকোপতি
আকুল হাবিয়াস, প্ৰৱল ধাউতি
সোঁৱৰণত উপচি পৰে
বুকুৰ উদং উপত্যকা
ধৰফৰাই অনবৰতে স্মৰণ কৰি ।
কেতিয়াবা মেলা পাতে তাহানিৰ স্মৃতিয়ে
মোৰ ভগা হিয়াত
ধেমেলীয়া ক্ষণ, নিশাৰ আড্ডা
পিতাইৰ মিঠা গালিবোৰ
অট্টহাঁহিৰ টেমাবোৰ খুলি দেখোঁ
কিৰিলিৰ কি যে দৃশ্য!
আছে নে তেনে বজাৰ ক’ৰবাত,
য’ত পুৰণি সময় কিনিবলৈ পাম
নতুন সময় বিনিময়ৰ যোগেদি
পছন্দৰ বয়সটো যেন ক’ৰবাত হেৰাই থাকিল
সমাগত সময়ে কবৰস্থ কৰিছে
বিৰল সেই দৃশ্যবোৰ।
দাপোনে বহু কথাই কয়
মই হ’লে ৰ’ লাগি চাই থাকো
উদং উদং লগা বয়সে কিয় বাৰু
শূণ্যতাক প্ৰশ্ৰয় দিয়ে?
নাজানো, কঁপি উঠা হিয়া খনে কিয় বা আজি
ঘনে ঘনে দোহাৰিলে সেই স্মৃতি।
জনা নাছিলোঁ
শূন্যতা যে এনেকৈয়ো আহে
এঢাপ এঢাপকৈ গিলি গিলি
হেনো ঘেৰি ধৰিলে চৌপাশ
কিমান আৰু উজাগৰী নিশা
আৰু কিমান ৰিক্ততা
অন্ত হ’বনে এই অপেক্ষাৰ?
