সন্ত্ৰাস – প্ৰভাত বণিয়া

Pc Shutterstock

সন্ত্ৰাস

প্ৰভাত বণিয়া

মৰুময় পৃথিৱী ধোৱা ধূলিৰ আচ্ছাদন
বিভীষিকাময় পৰিবেশ
স্থান কাল
বিপদাপন্ন
কোনেও‌ টলকিলব নোৱৰাকৈ
ছানি ধৰিছে অশুভ বিষ বাষ্প
অসহিষ্ণুতাৰ তীব্ৰ উষ্ণতাই জোঁকাৰিছে জীৱন,মন-মগজু
হাই-উৰুমি, হাহাকাৰ , অভাৱ,অনাটন,
তৰ্জন গৰ্জন কিমান প্ৰত্যক্ষ কৰিম আভিজাত্যৰ দপদপনি
ধামখুমীয়া সমাজ, জীৱনদায়িনী ঔষধ
খাদ্য সামগ্ৰীৰ মূল্য আকাশলংঘী
সন্ত্ৰস্ত জনতা

প্ৰতিবাদৰ ভাষা কোনেও নুবুজে
ক্ষণভঙ্গুৰ সুখ শান্তিৰ স্বপ্ন
অভাৱগ্ৰস্তৰ অবিৰত চকুপানী
কি হ’ব অনাগত দিন
দেখা নাই আশাৰ ৰেঙনি নাই
সুচিন্তিত পৰিকল্পনা
অৰাজকতাৰ দাবানল
দুৰ্দিন দু:স্বপ্নৰ নহব‌ নেকি অৱসান
কৰাল দুৰ্ভিক্ষৰ আগ্ৰাসন
দুখ কষ্ট লাজে অপমানে জৰ্জৰিত
দুচিন্তাত অস্থিৰ জন জীৱন
সময় আজি দু :সময় সমস্যাৰ

নাই সমাধান ।