মা কামাখ্যাৰ আশীৰ্বাদ লৈ মুখ্যমন্ত্রী হিচাপে শপতগ্ৰহণ কৰিবলৈ  সাজু ড০ হিমন্ত বিশ্ব শর্মা

Pc The Economic Times

মা কামাখ্যাৰ আশীৰ্বাদ লৈ মুখ্যমন্ত্রী হিচাপে শপতগ্ৰহণ কৰিবলৈ  সাজু ড০ হিমন্ত বিশ্ব শর্মা

ৰঙিলী বাৰ্ত্তাসেৱা-  দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে ড° হিমন্ত বিশ্ব শৰ্মা। মঙলবাৰে মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰাৰ পূৰ্বে  ড° হিমন্ত বিশ্ব শৰ্মাই শক্তিপীঠ মা কামাখ্যা ধাম আৰু মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ চৰণত সেৱা জনাই আশীর্বাদ গ্রহণ কৰে। এই সন্দৰ্ভত ড° শৰ্মাই সামাজিক মাধ্যম এক্সত এক পোষ্ট শ্বেয়াৰ কৰে ৷ পোষ্টত তেওঁ লিখিছে- “মা কামাখ্যা আৰু মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ আশীর্বাদে প্ৰতিগৰাকী অসমবাসীৰ জীৱন আলোকিত কৰক আৰু শান্তি, প্রগতি, সমৃদ্ধিৰ নতুন বাট মুকলি কৰক। তেওঁলোকৰ আশীর্বাদেৰে অসমে অনাগত দিনত উন্নয়নৰ নতুন শিখৰ স্পৰ্শ কৰক।’ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ শপতগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ বাকৰিত বিশাল আয়োজন কৰা হৈছে ৷ অসমৰ ঐতিহ্য, সংস্কৃতি আগত ৰাখি চাৰিখনকৈ মঞ্চ নিৰ্মাণ কৰা হৈছে ৷ প্ৰতিখন মঞ্চতে শপতগ্ৰহণৰ লগত সংগতি ৰাখি আয়োজন কৰা অন্যান্য অনুষ্ঠানসমূহ প্ৰদৰ্শিত হ’ব ৷ দিনৰ ১১:৪০ বজাত শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ’ব ৷ মুখ্যমন্ত্ৰীৰ সৈতে একেখন মঞ্চতে শপত ল’ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসভাৰ চাৰিগৰাকী মন্ত্ৰীৰ লগতে বিধানসভাৰ অধ্যক্ষই ৷ ইতিপূৰ্বে সোমবাৰে নিশা ডঃ শৰ্মাই এই চাৰিগৰাকী মন্ত্ৰী আৰু বিধানসভাৰ অধ্যক্ষৰ নাম সামাজিক মাধ্যমত প্ৰকাশ কৰে ৷  এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী আৰু এনডিএ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীকে ধৰি শীৰ্ষ বিজেপি নেতাসকল ৷