দেশক সাক্ষী কৰি দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড° হিমন্ত বিশ্ব শর্মাই

দেশক সাক্ষী কৰি দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড° হিমন্ত বিশ্ব শর্মাই

ৰঙিলী বাৰ্ত্তাসেৱা-  আজি দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ড° হিমন্ত বিশ্ব শর্মাই। ২০০১ চনত জালুকবাৰী সমষ্টিৰ পৰা বিধায়ক নির্বাচিত হৈ ৰাজনৈতিক জীৱনৰ পাতনি মেলা ড° শৰ্মাই আজি একেৰাহে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রী পদত অধিষ্ঠিত হ’ব। কার্যতঃ আজিৰ শপতগ্ৰহণৰ বাবে সমগ্ৰ দেশৰ দৃষ্টি নিবদ্ধ হৈছে অসমৰ ওপৰত। এই শপত গ্ৰহণ অনুষ্ঠানৰ বাবে গুৱাহাটীত ৰাজনীতিৰ মহাতাৰকাৰ পৰা ঔদ্যোগপতিৰ সমাহাৰ ঘটিছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, গৃহমন্ত্রী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্তমন্ত্রী নির্মলা সীতাৰমণ, জে পি নাড্ডা, শিৱৰাজ সিং চৌহানকে আদি কৰি কেন্দ্ৰীয় মন্ত্রীসভাৰ কেইবাগৰাকীও জ্যেষ্ঠ মন্ত্ৰীৰ লগতে দেশৰ ২২গৰাকী মুখ্যমন্ত্রী, উপ-মুখ্যমন্ত্রী উপস্থিত হৈছে । উল্লেখ্য যে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজি পুৱা ১১.৪০ বজাত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই ড° শৰ্মাক মুখ্যমন্ত্রীৰূপে শপত বাক্য পাঠ কৰোৱাব। ইয়াৰ লগে লগে অসমৰ বাবে সৃষ্টি হ’ব এক ঐতিহাসিক দিন। সদ্যসমাপ্ত নির্বাচনত বিৰোধীক বিধ্বস্ত কৰি ১০২খন আসনেৰে এনডিএৰ বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হোৱা ড° শৰ্মাৰ এই বিজয়ৰ লগে লগে নিশ্চিত কৰিছিল দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱাটো।  দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে অধিষ্ঠিত হ’ব লগা ড° শৰ্মাৰ শপতগ্ৰহণ অনুষ্ঠানৰ বাবে মা কামাখ্যা দেৱালয়, বটদ্ৰৱা থান আৰু ৰংঘৰৰ আৰ্হিত সজোৱা হৈছে বিশাল মঞ্চ। এই মঞ্চত প্রতিফলিত হ’ব অসমৰ সাতামপুৰুষীয়া কৃষ্টি-সংস্কৃতি তথা আধ্যাত্মিকতা। এই শুভক্ষণত মুখ্যমন্ত্রীক আশীর্বাদ দিবলৈ উপস্থিত থাকিব ৰাজ্যৰ একাধিক সত্ৰাধিকাৰ-গুৰুসকল। সমান্তৰালভাৱে অনুষ্ঠানৰ সাক্ষী হৈ ৰ’ব নিমন্ত্ৰিত তিনি কুৰিতকৈও অধিক বিশিষ্ট ব্যক্তি-মুখ্যমন্ত্রী, উপ-মুখ্যমন্ত্ৰী আৰু দলৰ জ্যেষ্ঠ নেতাসকল। আনহাতে, তৃতীয়বাৰৰ বাবে অসমত এনডিএ চৰকাৰ গঠনৰ এই শুভক্ষণত অংশ ল’বলৈ সোমবাৰে নিশা ১০.৩০ বজাত গুৱাহাটীত উপস্থিত হয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী।প্রধানমন্ত্রী মোদীৰ আগমনৰ পূৰ্বে গুৱাহাটীত উপস্থিত হ’ল গৃহমন্ত্রী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্তমন্ত্রী নির্মলা সীতাৰমণ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিৱৰাজ সিং চৌহানকে ধৰি কেইবাজনো কেন্দ্রীয় মন্ত্রী। আনহাতে, মঙলবাৰে পুৱা উপস্থিত হ’ব বিশিষ্ট উদ্যোগপতি জিৎ আদানিৰ লগতে সজ্জন জিন্দাল।  ইফালে, শপতগ্রহণ অনুষ্ঠানৰ বাবে প্ৰেৰণ কৰা নিমন্ত্ৰণ ৰক্ষা কৰিয়েই ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে- কেন্দ্রীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ, দিল্লীৰ মুখ্যমন্ত্রী ড° ৰেখা গুপ্তা, ত্ৰিপুৰাৰ মুখ্যমন্ত্রী মাণিক সাহা, মিজোৰামৰ মুখ্যমন্ত্ৰী পু লালদুহোমা, মণিপুৰৰ মুখ্যমন্ত্ৰী যুম্মা খেমনান্দসিং, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্র ফাড়নারিছ, ছত্তিশগড়ৰ মুখ্যমন্ত্রী বিষ্ণুদেউ সাই, ৰাজস্থানৰ মুখ্যমন্ত্রী ভজনলাল শৰ্মা, অন্ধ্রপ্রদেশৰ মুখ্যমন্ত্রী চন্দ্রবাবু নাইডু, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্রী ড° মোহন যাদৱ, মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড কে চাংমা, ওড়িশাৰ মুখ্যমন্ত্রী মোহন চৰণ মাঝি, গোৱাৰ মুখ্যমন্ত্রী ড° প্রমোদ ছাৱন্ত, বিহাৰৰ মুখ্যমন্ত্রী সম্রাট চৌধুৰী, অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’, উত্তৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্রী কেশৱপ্ৰসাদ মৌর্য, অৰুণাচলৰ উপ-মুখ্যমন্ত্রী চৌনা মেইন, উত্তৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্রী ব্রজেশ পাঠক, মধ্যপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ৰাজেন্দ্ৰ শুক্লা, ৰাজস্থানৰ উপ-মুখ্যমন্ত্রী ড° প্রেমচান্দ বৈৰৱা, ৰাজস্থানৰ উপ-মুখ্যমন্ত্রী দিয়া কুমাৰী, ওড়িশাৰ উপ-মুখ্যমন্ত্রী কে ভি সিং দেউ, মধ্যপ্ৰদেশৰ উপ-মুখ্যমন্ত্রী জগদীশ দেৱড়া, পুৰীৰ সাংসদ ড° সম্বিৎ পাত্র, মণিপুৰৰ উপ-মুখ্যমন্ত্রী লচি দিখৌ, অন্ধ্রপ্রদেশৰ মন্ত্ৰী নৰ লোকেশ, কেন্দ্রীয় মন্ত্রী ৰাজীৱ ৰঞ্জন সিং, ওড়িশাৰ উপ-মুখ্যমন্ত্ৰী প্ৰৱতি পৰিডা, উত্তৰপ্ৰদেশৰ মন্ত্রী ওমপ্রকাশ ৰাজভৰ, ছিকিমৰ মুখ্যমন্ত্রী প্রেমসিং তামাং, পশ্চিমবংগৰ মুখ্যমন্ত্রী শুভেন্দু অধিকাৰী, ছত্তিশগড়ৰ উপ-মুখ্যমন্ত্রী বিজয় শর্মা, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্রী একনাথ শিন্দে, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্রী ড° সুনেত্ৰ পাৱাৰ, অন্ধ্রপ্রদেশৰ উপ-মুখ্যমন্ত্রী কে পৱন কল্যাণ, বিহাৰৰ উপ-মুখ্যমন্ত্রী বিজেন্দ্র প্রসাদ যাদৱ, বিজয় কুমাৰ চৌধুৰী, গুজৰাটৰ উপ-মুখ্যমন্ত্রী হৰ্ষ সংঘৱি, হাৰিয়ানাৰ ৰাজ্যিক মন্ত্রী মহীপাল ধনদা, দিল্লীৰ বিধায়ক পৱন শৰ্মা, বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ড° অলকা গুলজাৰ, কেন্দ্ৰীয় মন্ত্রী ছিৰাগ পাছোৱান, কেন্দ্ৰীয় অসামৰিক মন্ত্ৰী ৰামমোহন নাইডু, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চান্দ, বিএল সন্তোষ, বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডা, কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱ। মন কৰিবলগীয়া যে ভিআইপি-ভিভিআইপিৰে ইতিমধ্যে শপতগ্ৰহণৰ প্ৰাকক্ষণত সমগ্র গুৱাহাটী ভৰি পৰাই নহয়, অতিথিৰ এই আগমনক লৈ ৰাজধানী চহৰখনত সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশ। খানাপাৰাৰ শপতগ্ৰহণ অনুষ্ঠানৰ চৌদিশ আলোকসজ্জাৰে সজ্জিত কৰি তোলাৰ লগতে গুৱাহাটীৰ অন্যতম পথ জিএছ ৰোডকো ৰং-বিৰঙেৰে সজাই তোলা হৈছে। তৃতীয়বাৰৰ বাবে ৰাজ্যত গঠন হ’ব লগা এনডিএ চৰকাৰক আশীৰ্বাদ দিবলৈ উত্তৰাখণ্ডৰ পৱিত্ৰ তীৰ্থভূমি গংগোত্ৰীৰ পৰা অসমত উপস্থিত হ’ল স্বামী নাৰায়ণ। মুখ্যমন্ত্রী ড° শৰ্মাৰ বিশেষ আমন্ত্রণক্রমে সোমবাৰে দুপৰীয়াৰ ভাগত খৰম পিন্ধি বিমানবন্দৰত উপস্থিত হ’ল এই ধর্মীয় গুৰুজন। ইফালে, শপতগ্রহণ অনুষ্ঠানত বিশেষভাৱে নিমন্ত্রিত হৈছে বোকাখাত সম-জিলাৰ কমাৰগাঁৱৰ বৰদিহিঙীয়াৰ তানিষ্ঠা দুৱৰা, নুমলীগড় ধনশিৰি ভেলী পাব্লিক স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্রী তানিষ্ঠা দুৱৰাই নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়তে মুখ্যমন্ত্রী ড° শৰ্মাৰ এখন ফটো অংকন কৰি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। প্ৰচাৰ অভিযানৰ মাজতে মুখ্যমন্ত্রী ড° শৰ্মাই ছাত্ৰীগৰাকীক চৰকাৰ গঠন হ’লে শপতগ্রহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিবলৈ মন্ত্ৰী অতুল বৰাক দায়িত্ব দিছিল। এই অনুসৰিয়েই আজিৰ শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকিব তানিষ্ঠা দুৱৰা।