মানৱ সেৱাত অবিৰত যাত্ৰা তোলাৰাম বাফনা কৃত্ৰিম ভৰিঃ কেলিপাৰ কেন্দ্ৰৰ – গোপাল জালান

মানৱ সেৱাত অবিৰত যাত্ৰা তোলাৰাম বাফনা কৃত্ৰিম ভৰিঃ কেলিপাৰ কেন্দ্ৰৰ

 গোপাল জালান

মানৱ সেৱা কৰাটো সকলোৰে কৰ্তব্য। কেৱল ধৰ্মীয় দৃষ্টিকোণৰ পৰাই নহয়, মানৱীয় দিশৰ বাবেও এনে সেৱাত ব্ৰতী হোৱ উচিত। সকলোৱে কৰিব লাগে যদি বাস্তৱ জীৱনত কমসংখ্যকেহে এনে সেৱা আগবঢ়োৱা দেখা যায়। অৱশ্যে সেৱা যে কেৱল মানুহক দেখুৱাবলৈকে কৰিব লাগিব তেনে নহয়। বহুতো লোকে নিৰৱেই মানৱ সেৱাত ব্ৰতী হৈ থাকে। তেওঁলোকে অন্তৰৰ পৰাই মানৱ সেৱা আগবঢ়াবলৈ বিচাৰে। কাৰণ প্ৰকৃত মানৱ সেৱা বিষয়টো সদায় অন্তৰাত্মাৰ স’তেহে জড়িত। এনে সেৱাৰেহে মানৱ জাতি উপকৃত হ’ব পাৰে। বিগত তিনি দশক ধৰি এনে সেৱাৰ স’তে জড়িত হৈ থকা আমিনগাঁওস্থিত তোলাৰাম বাফনা কৃত্ৰিম ভৰি আৰু কেলিপাৰ কেন্দ্ৰৰ জৰিয়তে সমাজকৰ্মী শুভকৰণ বাফনাই সেৱা আগবঢ়াই আহিছে। সমাজকৰ্মীজনৰ প্ৰয়াত পিতৃ তোলাৰাম বাফনাৰ স্মৃতিত প্ৰতিবছৰে দিব্যাংগক কৃত্ৰিম ভৰি প্ৰদান কৰিছে। ১৯৯১ চনৰ ২৮ মাৰ্চত প্ৰতিষ্ঠিত এই কেন্দ্ৰটোৱে ইতিমধ্যে ৮৯১৫ গৰাকী লোকক কৃত্ৰিম ভৰি সংযোজন কৰিছে। এজন ব্যক্তিৰ এনেধৰণৰ প্ৰচেষ্টাতে ইমানকেইজনে সহায় লাভ কৰাটো কম কথা নহয়। বহুতো লোকে বিভিন্ন কাৰণত ভৰি হেৰুৱাবলগীয়া হয়। কিছুমানৰ যদি দুৰ্ঘটনাত, আন কিছুমানে আকৌ ৰোগৰ বাবেও হেৰুৱায়। কাৰণ যিয়েই নহওক কিয়, ভৰি দুখন নাথাকিলে সকলো মিছা। কিয়নো, শৰীৰটোৰ সকলো ওজনৰ ভাৰসাম্য ৰক্ষা হয় ভৰি দুখনত। সেইবাবে যিসকল লোকে কৃত্ৰিম ভৰিৰ সহায়ক খোজ কাঢ়িবলৈ সক্ষম হৈছে তেওঁলোকে সহায় কৰোঁতাজনৰ ওচৰত চিৰঋণী।
১৯৯১ চনৰ ২৮ মাৰ্চত পিতৃৰ পুণ্য স্মৃতিত আমিনগাঁৱত আৰম্ভ কৰিছিল তোলাৰাম বাফনাৰ কৃত্ৰিম ভৰি আৰু কেলিবাৰ কেন্দ্ৰ। বিগত ত্ৰিছ বছৰে এই সেৱা আগবঢ়াই নিঃস্বজনৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। শুভকৰণ বাফনাৰ পিতৃ তোলাৰাম বাফনাৰ ১৯৮৯ চনৰ ২২ ছেপ্টেম্বৰত মৃত্যু হৈছিল। মৃত্যুৰ পূৰ্বে তেওঁ পৰিয়ালবৰ্গক এনেদৰে কৈছিল– তুমি যদি আনৰ উপকাৰ কৰা, তোমাৰো উপকাৰ হ’ব।’ পিতৃৰ কথা মতেই পৰিয়ালটোৰ সদস্যসকলে সমাজ সেৱাত ব্ৰতী হয়। পিতৃৰ মৃত্যুৰ সময়ত শুভকৰণ বাফনাৰ বয়স ৩৯ বছৰ হৈছিল। পিতৃৰ কথাষাৰ শুনাৰ পাছত মানৱ সেৱাৰ বাবে তেওঁ সংকল্প গ্ৰহণ কৰে। তেওঁ কেনেদৰে মানৱ সেৱা কৰিব সেই বিষয়ে চিন্তা-চৰ্চা কৰোঁতে মাৰোৱাৰী যুৱ মঞ্চ নামৰ সমাজসেৱী সংগঠন এটাই গুৱাহাটীত দিব্যাংগসকলৰ বাবে বিনামূলীয়াকৈ অত্যাধুনিক কৃত্ৰিম জয়পুৰী ভৰি সংযোজন কৰাই খোজকাঢ়ি আনন্দ লাভ কৰা দেখি বাফনায়ো এনে কাৰ্য সম্পাদন কৰিবলৈ মন মেলে। অসমীয়াত এষাৰ বাক্য আছে– মন কৰিলেই ছন। বাফনাৰ ক্ষেত্ৰতো একেই হ’ল। ২০১৫ চনত কেন্দ্ৰটোৰ ৰূপালী জয়ন্তী বৰ্ষ পালন কৰা অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যপাল জানকী বল্লভ পাটনায়কে কৈছিল– এই কেন্দ্ৰটো হ’ল মানৱ সেৱাৰ প্ৰকৃত স্থান। উক্ত কেন্দ্ৰই ইতিমধ্যে নাগালেণ্ড, মণিপুৰ, মেঘালয়, ত্ৰিপুৰা, অৰুণাচল আদিৰ উপৰি চুবুৰীয়া দেশ নেপাল, ভূটাত, ম্যানমাৰৰ পৰাও দিব্যাংগ আহি ইয়াত কৃত্ৰিম ভৰি সংযোজন কৰে। ইমান মহৎ কাম এটা কৰি থকাৰ পাছতো তেওঁ প্ৰচাৰ মাধ্যমৰ পৰা সদায় আঁতৰি থাকে।
মানুহক বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়োৱাটো মানৱ সেৱা। এই সেৱাৰ মনোভাব সকলোৰে নাথাকে। যিসকলৰ অন্তৰত প্ৰকৃত মানৱ সেৱা কৰাৰ ইচ্ছা থাকে তেওঁলোকে যিকোনো কামেই কৰিব পাৰে। বাফনায়ো সমাজৰ দিব্যাংগসকলক সহায় কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে, সেয়া সঁচাকৈয়ে প্ৰশংসাৰ যোগ্য। বাফনাৰ বাবে উপদেশততৈ আৰ্হিহে ভাল। এনে ব্যক্তিয়ে যেতিয়া কামৰ বাবে আগবাঢ়ে তেতিয়া সকলোৱে সহায়ৰ হাত আগবঢ়োৱা উচিত।
অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অতি কমসংখ্যক ব্যক্তি অথবা সংগঠন এনে কৃত্ৰিম ভৰি বিনামূলীয়াকৈ সংযোগ কৰা কাৰ্যত জড়িত হৈ আছে। এই সংখ্যা আঙুলিৰ মূৰত লেখিব পৰা বিধৰ। অহা ২৮ মাৰ্চত এই অনুষ্ঠানটোৱে ৩১ বছৰত ভৰি দিব। ৰূপালী জয়ন্তী গৰকা এই অনুষ্ঠানটোৱে অনাগত দিনত আৰু অধিক আগবাঢ়ি যাওক। চৌদিশে পৰিসৰ বৃদ্ধিৰ লগতে স্বীকৃতিও লাভ কৰক। কাৰণ এনে অনুষ্ঠানৰ পৰিসৰ বৃদ্ধি হ’লেহে দিব্যাংগৰ ওঁঠত হাঁহি বিৰিঙি উঠিব। সেয়েহে হেলেন কেলাৰৰ কথাৰে ক’ব পাৰো– আমি সঁচা সুখ তেতিয়ালৈ লাভ কৰিব নোৱাৰো, যেতিয়ালৈ আমি অইন লোকৰ জীৱন সুখময় কৰাৰ যত্ন নকৰো।
১০৮, এম জি ৰোড, ফাঁচীবজাৰ,
গুৱাহাটী, দূৰভাষঃ ৯৪৩৫১-০৩৯৭৭