ডিপ্ৰেছন আৰু আজিৰ যুৱ প্ৰজন্ম – জাহ্নৱী বৰা

Pc India Today

ডিপ্ৰেছন আৰু আজিৰ যুৱ প্ৰজন্ম

জাহ্নৱী বৰা
যোৰহাট

আজিৰ যুৱ প্ৰজন্মৰ মাজত আমি সচৰাচৰ শুনিবলৈ পোৱা এটা বৰ বিশেষ শব্দ হৈছে ‘ডিপ্ৰেছন’ যাৰ চিকাৰ জ্ঞাত অথবা অজ্ঞাত ভাবে বহু লোক হৈ আহিছে। বিশেষকৈ আজিৰ যুৱ প্ৰজন্মৰ এই বিশেষ শব্দটোৰ সৈতে সম্পৰ্ক দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ মূলতে হৈছে মানসিক স্বাস্থ্য। আমি আমাৰ শাৰীৰিক স্বাস্থ্যৰ প্ৰতি সদা সচেতন কিন্তু ব্যস্ততা পূৰ্ণ যান্ত্ৰিক জীৱন শৈলীক সামৰি আমিও যেন একো একোটা যন্ত্ৰ হৈ পৰিছোঁ আৰু মানসিক স্বাস্থ্যৰ ওপৰত একেবাৰেই ধ্যান নিদিয়া হৈছোঁ যাৰ ফলস্বৰূপে আমি দিনে দিনে ডিপ্ৰেছন নামৰ এক মাৰাত্মক ৰোগৰ চিকাৰ হৈ গৈ আছোঁ। আমি নিজক প্ৰাধান্য দিয়াৰ বিপৰীতে আনৰ ভাল লগা বেয়া লগা বোৰৰ ওপৰত বেছি গুৰুত্ব দিছোঁ যাৰ ফলত কেতিয়াবা আমি পাহৰি যাওঁ নিজেই কুশলে আছোঁ নে নাই। এই যান্ত্ৰিক পৃথিৱীৰ সৈতে সমানে খোজ মিলাবলৈ গৈ টকাৰ পাছত দৌৰোতে আমি পাহৰি পেলাইছোঁ আমাৰ মানসিক শান্তিক।

আজিৰ তাৰিখত আমি যদি বিচাৰ কৰিবলৈ যাওঁ আত্মহত্যাৰ হাৰ তেন্তে আমি আচম্বিত হৈ পৰিব পৰাকৈ ই দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে। আৰু ইয়াৰ ভিতৰত কিন্তু চাকৰি কৰা ব্যক্তিৰ পৰিমাণ বেছি । অৰ্থাৎ আমি ইয়াৰ পৰা বিচাৰ কৰিব পাৰোঁ যে টকাই সুখ কিনিব পাৰিলেও কিন্তু মানসিক শান্তি ক্ৰয় কৰিব নোৱাৰে।

আৰু আমাৰ আটাইতকৈ ডাঙৰ ভুল এটা হৈছে যে ডিপ্ৰেছন নামৰ ৰোগ বিধক আমি তেনেই সামান্য হিচাপে লোৱাটো। অন্য ৰোগৰ দৰে এই ৰোগৰ কোনো প্ৰত্যক্ষ চিকিৎসা নাই যদিও এই ৰোগক যদি আমি অৱহেলা কৰোঁ ই গৈ মগজুৰ বিকৃতি পৰ্য্যন্ত কৰিব পাৰে ; এজন সুস্থ ব্যক্তিক মানসিক বিকাৰ গ্ৰস্ত কৰি তুলিব পাৰে। গতিকে এই বিষয়ে সকলো সচেতন হোৱা উচিত। বিশেষকৈ অভিভাৱক সকল অধিক সচেতন হোৱা উচিত। যদি সন্তানে কিবা কাৰণে অকলশৰে থাকিবলৈ লয় বা মানুহৰ পৰা আতৰি থাকিব বিচাৰে অথবা কম কথা পতা যেন পৰিলক্ষিত হয় তেতিয়া সন্তানটোক অলপ দিন ভালদৰে পৰ্যবেক্ষণ কৰি মানসিক ৰোগ বিশেষজ্ঞৰ লগত আলোচনা কৰাৰ প্ৰয়োজন। ডিপ্ৰেছন আচলতে এক ধেমালি নহয় । ইয়াৰ পৰবৰ্তী পৰ্যায় কিন্তু অতি ভয়াৱহ। ডিপ্ৰেছনে যেতিয়া এঞ্জাইটিৰ ৰূপ ল’ব তেতিয়া মানসিক ৰোগৰ পৰা ক্ৰমে শৰীৰৰ ৰোগলৈ ই স্থানান্তৰিত হ’ব গতিকে এই বিষয়ত আমি সচেতন হোৱা উচিত।আমি এটা কথা মনত ৰাখিব লাগিব যে কেৱল মানসিক বিকাৰ গ্ৰস্ত লোকহে মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ নাযায়। ৰোগৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে যেনেদৰে আমাক সৰুতে প্ৰতিষেধক প্ৰদান কৰিছিল ঠিক তেনেদৰেই ৰোগলৈ পৰিৱৰ্তিত হোৱাৰ পূৰ্বে আৰম্ভণিতেই ইয়াৰ বিৰুদ্ধে প্ৰতিষেধক লোৱাৰ হেতু লগতে কেনেদৰে এই পৰ্যায়ৰ পৰা ওলাই আহিব পাৰি তাৰ বাবে সঠিক পথ বাছনি কৰাৰ কাৰণে আমি এজন বিশেষজ্ঞৰ লগত আলোচনা কৰাটো খুবেই জৰুৰী।
মনত ৰাখিব “এটা সুস্থ মনেহে এখন সুস্থ সমাজ গঢ় দিয়াত সহায় কৰে । “