কৃষ্ণচূড়া – মিতালি বৰঠাকুৰ

Pc পাতাবাহার

কৃষ্ণচূড়া

মিতালি বৰঠাকুৰ
মালিগাওঁ ,গুৱাহাটী 

কেঁকুৰিটোৰ  দুয়োপাৰে কৃষ্ণঢূড়া  ফুলিছিল
নিতাল ৰাতিটো চৰাইৰ মাতত সাৰ পাই উঠিছিল
হয়তো সিহঁতৰ গাত গুলি লাগিছিল
কোনোবা অচিন  দুস্কৃতিকাৰীৰ

কৃষ্ণচূড়াৰ পাতে পাতে তেজৰ চেকুৰা বান্ধিছিল
ফুলবোৰে তাৰে তেজবোৰ সানি লৈছিল
আৰু অধিক ৰঙা হ’বলৈ

শালিকী পুৱাতে বেলিটোৱে
তেজ ৰঙা নৈখনিৰ পানীত গা জুবুৰীয়াব
গছৰ ডালত ওলমি ৰৈছিল
গুলিবিদ্ধ চৰাইৰ নিঠৰ দেহ।

কৃষ্ণচূড়া
অনুভৱত মাতাল হোৱা এটি এটি ছন্দ
বুকুত খুটিয়াই থকা অপেক্ষাৰ এটি বালিমাহী ।