ইস্পিত সমাজৰ মাপকাঠি
দুলুমণি দেৱী,মাকুম
ইস্পিত সমাজৰ মাপকাঠি বুলি ক’লে এখন সমাজক উন্নত আৰু শান্তিপুর্ণ কৰি তুলিবৰ বাবে কৰা প্রচেষ্টাকে বুজায়৷ বর্তমান বিশ্বায়নৰ যুগত মানুহৰ চিন্তা চর্চাৰ পৰিধি বহুপৰিমানে বিস্তাৰিত হৈছে ৷ প্রতিটো খোজতে আমি পৰিবৰ্তনৰ লগত খোজত খোজ মিলাবলৈ চেষ্টা কৰি আহিছো৷ মানুহৰ ৰুচি অভিৰুচি , চিন্তা চেতনা ইত্যাদি ব্যাপকমাত্রাত পৰিবর্তন হবলৈ আৰম্ভ কৰিছে ৷ইয়াৰ মুল বাহক হৈছে নিত্য নতুন প্রযুক্তিৰ আৱিস্কাৰ আৰু ইয়াৰ বিশাল প্রয়োগ ৷ এই বিলাকৰ ভিতৰত উন্নত যন্ত্রপাতি , মোবাইল ,ইণ্টাৰনেট ব্যৱস্থা ইত্যাদি ৷
ইস্পিত জগতৰ মাপকাঠি বুলিলে এই আহিলাবিলাকৰ প্রয়োগ স্বীকাই কৰিবই লাগিব যিয়ে আমাৰ সমাজখন উন্নত ,সবল কৰি তোলাত সহায় কৰিছে৷ এই আহিলাবিলাকে বিশ্বৰ দেশবিলাকৰ সৈতে সুন্দৰ সংযোগ ঘটোৱাৰ লগতে ভিন্নজনৰ মনৰ চিন্তা ভাৱ ,অনুভুতিবোৰৰ লগত পৰিচিত হোৱাত বিশেষভাৱে সহায় কৰিছে৷ মোবাইল ফোনৰ দ্বাৰা যেনেকৈ খবৰখাতিবিলাক মিনিটত ল’ব পৰা যায় ঠিক তেনেকৈ ইণ্টাৰনেট ব্যৱস্থাৰ দ্বাৰা বেলেগ বেলেগ দেশৰ বা বাতৰি অতি সহজতে চকুৰ আগত প্রচাৰিত কৰিব পাৰে ৷ এয়া সম্ভৱ হৈছে বিশ্বায়নৰ ফলত
এতিয়া কথা হ’ল এই ইস্পিত জগতৰ মাপকাঠী হিচাপে ব্যৱহৃত আহিলাসমুহে আমাৰ মনোজগতখনো ইস্পিত কৰি তুলিছেনে ? আমাৰ কর্মৰ পৰিসৰ বৃদ্ধি কৰি তুলিব পাৰিছেনে ?এইবিলাকো বিচার্য বিষয় ৷কিয়নো মোবাইল ,ইণ্টাৰনেট আৰু ন’ ন’ সজুলি আমাক লাগে অথবা লাগিবই সময়ৰ সৈতে খাব পৰাকৈ৷ তাৰ সমান্তৰালকৈ কিন্তু কর্মৰ পৰিধি বৃদ্ধি পৰিসৰ কৰিব পৰা কৌশলো আমাক লাগে ৷ যিটো কাম দহজন বনুৱাই এমাহ বা দুমাহ দিন ধৰি কৰিছিল সেই কামবিলাক এতিয়া মাত্র এক বা দুই ঘণ্টাত কৰিব পাৰিছে৷ উন্নত প্রযুক্তিয়ে উন্নত কর্ম কৰিছে ঠিকেই কিন্তু সেই অনুপাতে শ্রমিকসকলৰ কর্মসংস্থাপন উন্নত হৈছে জানো ?তেওঁলোকৰ সংস্থাপনৰ বাবে কি চিন্তা কৰা হৈছে বা ভৱিষ্যতে কৰা হ’ব ৷ তেওঁলোকৰ বাবে বিকল্প জীৱিকাৰ পথ ,দৰিদ্রতা ,নিৱনুৱা সমস্যা ,সৃষ্টি নোহোৱা কৌশল অৱলম্বন কৰিলেহে সমাজ উন্নত হ’ব ৷ প্রথম অথবা দ্বিতীয় বিশ্বৰ দেশৰ লগত আমাৰ তৃতীয় বিশ্ব দেশবিলাক তুলনা কৰিব পৰা নাযায় ৷ উন্নত দেশবিলাকৰ আদর্শ লৈ তাৰ সমান্তৰালকৈ কর্মউদ্যোগ গঢ়ি তুলিবলৈ চেষ্টা কৰিলেহে আমাৰ দেশ উন্নত হ’ব ৷ কিয়নো আমাৰ দেশৰ মানুহৰ প্রায়সংখ্যকে খেতিৰ ওপৰতে নিৰ্ভৰ কৰি চলে ৷
সৰু সৰু উদ্যোগ স্থাপন ,চন পৰি থকা মাটিত উন্নত পদ্ধিতেয়ে শ্রমিক নিযুক্তিৰ কৌশল অৱলম্বন কৰিলেহে সমাজ সুন্দৰ আৰু সুউন্নত হ’ব ৷
