কৃতজ্ঞতা- ময়ূৰাক্ষী গগৈ

কৃতজ্ঞতা

ৰঙিলী বাৰ্ত্তা!
সুপ্ত প্ৰতিভা বিকাশৰ মাধ্যম।
কৃতজ্ঞতা জনাইছোঁ
ৰঙিলী বাৰ্ত্তাৰ মূখ্য সম্পাদক
শ্ৰদ্ধাৰ উদ্দীপ্ত নয়ন মেধি চাৰলৈ।
ন-লেখাৰুৰ লেখনী প্ৰকাশ কৰি
যি উৎসাহ দিছে,
তাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি।
কৃতজ্ঞতা জনাইছোঁ
বন্দিতা শৰ্মা বাইদেউলৈ
যি গৰাকীয়ে ৰঙিলী বাৰ্ত্তাৰ
সৈতে সংযোগ কৰাই দিলে।
কৃতজ্ঞতা জনাইছোঁ
ৰঙিলী বাৰ্ত্তাৰ সমূহ সদস্যলৈ
যিসকলে দিন-ৰাতি একাকাৰ কৰি
পঢ়ুৱৈ সমাজলৈ কাকত খন প্ৰস্তুত কৰি উলিয়ায়।
কৃতজ্ঞতা জনাইছোঁ
সেই সকল পাঠকলৈ
যিয়ে নিজৰ বহুমূলীয়া সময় খৰচ কৰি
লিখনী সমূহত চকু ফুৰাই
উৎসাহিত কৰিছে।

ময়ূৰাক্ষী গগৈ