‘মানুহ মানুহৰ বাবে’  গোটৰ  মানুহৰ মাজত বিনামূলীয়া কিতাপ বিতৰণ 

‘মানুহ মানুহৰ বাবে’  গোটৰ  মানুহৰ মাজত বিনামূলীয়া কিতাপ বিতৰণ 

মৃগাংক বৰুৱা,গোলাঘাট,বাৰ্ত্তাসেৱা-  কিছুসংখ্যক কিতাপৰ অনুৰাগীৰ অনুষ্ঠান ‘মানুহ মানুহৰ বাবে’৷ ২০২১চনৰ ১৯জুন তাৰিখে হোৱাটচ্‌এপৰ মাধ্যমত জন্ম হয় এই গোট ‘মানুহ মানুহৰ বাবে’৷ এই গোটৰ মূল উদ্দেশ্য হৈছে, মানুহৰ মাজত বিনামূলীয়া কিতাপ বিতৰণ কৰা৷ আৰ্থিক দৈন্যতা যাতে গ্ৰন্থপ্ৰীতিৰ হেঙাৰ হ’ব নোৱাৰে লগতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উত্থানৰ চাকনৈয়াত যাতে অসমীয়া সাহিত্যৰ ছপা মাধ্যম পদপিষ্ট নহয়; তাৰ প্ৰতি লক্ষ্য ৰাখি মূলত শিশু আৰু কিশোৰৰ মাজত গ্ৰন্থ বিতৰণ কৰাই এই গোটৰ প্ৰধান লক্ষ্য৷ এই মহৎ উদ্দেশ্যক বাস্তৱৰূপ দিবলৈ ২৪জুন, ২০২১ তাৰিখে গুগল মিট যোগে এখন সভাৰ আয়োজন কৰা হয় আৰু ২৭জুন তাৰিখে এখন কাৰ্যকৰী কমিটি গঠন কৰা হয়৷ এই গোটৰ প্ৰথম পদক্ষেপ হিচাপে, ১জুলাই ২০২১ তাৰিখে ৰঙিয়া চহৰৰ এজন বিশেষভাৱে সক্ষম আৰু এজন কলেজীয়া গ্ৰন্থপ্ৰেমী কিশোৰক সম্বৰ্ধনা আৰু একোটি কিতাপৰ টোপোলা প্ৰদানেৰে ‘মানুহ মানুহৰ বাবে’ গোটৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়৷ একেদিনাই ৰঙিয়া চহৰৰ ২৬গৰাকী শিশু-কিশোৰক একোটি কিতাপৰ টোপোলা আগবঢ়োৱা হয়৷ পৰৱৰ্তী অনুষ্ঠান ১১জুলাই তাৰিখে বৰপেটাত অনুষ্ঠিত হয়৷ সেই অনুষ্ঠানত ১৯গৰাকী শিশু-কিশোৰৰ মাজত অসমীয়া ব্যাকৰণ আৰু ইংৰাজী-অসমীয়া অভিধান বিতৰণ কৰা হয়৷ চলিত মাহৰ ৫ তাৰিখে, অৰ্থাৎ শিক্ষক দিৱসৰ দিনটোত ধেমাজী জিলাৰ ভিতৰুৱা অঞ্চলত ৪০জন শিশু-কিশোৰৰ মাজত গ্ৰন্থ বিতৰণ কৰাৰ লগতে ভড়ালীচুক নিম্ন প্ৰাথমিক বিদ্যালয়লৈ অভিধানৰ লগতে অন্যান্য কিতাপৰ এটি টোপোলা আগবঢ়োৱা হয়৷ এই অনুষ্ঠানটি শ্ৰদ্ধাৰ শংকৰ কৌশিক ডাঙৰীয়াৰ সপোনৰ বাস্তৱ ৰূপ৷ আৰম্ভণিৰে পৰা জাগৰণ সাহিত্য প্ৰকাশনৰ শ্ৰদ্ধাৰ ৰূপজ্যোতি দেৱনাথ ডাঙৰীয়া অনুষ্ঠানটোৰ সৈতে সংযুক্ত হৈ মাত্ৰ দিহা-পৰামৰ্শ দিয়াই নহয়, ৰঙিয়া আৰু ধেমাজীৰ অনুষ্ঠানত ব্যক্তিগত ভাৱে উপস্থিত থাকে৷ তদুপৰি চলিত মাহত খোজ প্ৰকাশন আৰু আঁক-বাক প্ৰকাশনৰ স্বত্বাধিকাৰীসকলো এই অনুষ্ঠানত সংযুক্ত হ’বলৈ আগ্ৰহ প্ৰকাশ কৰা কাৰ্যই অনুষ্ঠানটোলৈ সুখৰ বতৰা কঢ়িয়াইছে৷