তৰুণ প্ৰজন্মই বিষাক্ত বায়ুমণ্ডলৰ ফলত সন্তান জন্ম দিব নিবিছাৰে

pc- the world economic forum

বিষাক্ত বায়ুমণ্ডলৰ ফলত সন্তান জন্ম দিব নিবিছাৰে আজিৰ যুৱ প্ৰজন্মই 

অনলাইন বাৰ্ত্তাসেৱা– পৃথিৱীৰ জলবায়ুৰ পৰিৱৰ্তনসৃষ্ট তাপ দহন আৰু বিষাক্ত বায়ুৰ ফলত নতুন প্ৰজন্মই সন্তান জন্ম দিব নিবিছাৰে। ‘দ্য লেনছেট প্লেনেটৰী হেলথ’ জার্নালে এক সমীক্ষাৰ অন্ততঃ এক তথ্য সদৰী কৰিছে যে তৰুণ প্ৰজন্মৰ প্ৰতি ১০জনৰ ভিতৰত ৪জনেই সন্তান জন্ম দিবলৈ নিবিচাৰে৷ তেওঁলোকে নিবিচাৰে বংশগতিৰ ধাৰা আগবাঢ়ি যাওক। এই পৃথিৱীত তৰুণসকলৰ অধিকাংশই নিবিচাৰে উত্তৰাধিকাৰীক ৰাখি যাবলৈ। কাৰণ, সেই অধিকাৰ ৰক্ষা কৰিব পৰাকৈ পৰৱৰ্তী প্রজন্ম বর্তি নাথাকিব। ১৬ৰ পৰা ২৫ বছৰৰ ভিতৰৰ ৪০ শতাংশ তৰুণেই অনুভৱ কৰে যে পৰৱৰ্তী প্রজন্মই ৰক্ষা কৰিব নোৱাৰিব পৃথিৱীত সম্পত্তিৰ অধিকাৰ। ভাৰত, অষ্ট্ৰেলিয়া, আমেৰিকা আৰু ব্ৰিটেইনসহ ১০খন দেশৰ তৰুণ প্ৰজন্মক লৈ এই সমীক্ষা চলাইছিল।