মাগুৰমাৰী বিলপাৰ প্ৰাথমিক বিদ্যালয়ত ছাত্র-ছাত্ৰীক চেক বিতৰণ আৰু শিক্ষকক সম্বৰ্ধনা

মাগুৰমাৰী বিলপাৰ প্ৰাথমিক বিদ্যালয়ত ছাত্র-ছাত্ৰীক চেক বিতৰণ আৰু শিক্ষকক সম্বৰ্ধনা

আদিলুৰ ৰহমান,টুকটুকী,ৰঙিলী বাৰ্ত্তাসেৱা-  নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ এলেকাধীন বেচামাৰী মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত মাগুৰমাৰী বিলপাৰ প্ৰাথমিক বিদ্যালয়ত আজি ছাত্র-ছাত্ৰীক চেক বিতৰণ আৰু শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। সমাজ সেৱক মজিবুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত টুকটুকী সমল কেন্দ্ৰৰ সমন্বয়ক নূৰুল হক, টুকটুকী প্ৰেছ ক্লাৱৰ মূখ্য উপদেষ্টা নিতুমণি গোস্বামীয়, বেচামাৰী গাঁৱৰ গাওঁবুঢ়া আবু বক্কৰ ছিদ্দিক ,সমাজ সেৱক মৌলানা আব্দুল হামিদ বুলবুলিয়ে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়াই। মাগুৰমাৰী বিলপাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হবিবুৰ ৰহমানে আঁতধৰা সভাখনত বিদ্যালয় খনৰ ২০১৮-১৯ বৰ্ষত মুখ্য মন্ত্রী বিশেষ বৃত্তি লাভ কৰা ৬ গৰাকী ছাত্র-ছাত্ৰী ক্ৰমে মাৰুফা খাতুন, ছুমাইয়া খাতুন,শ্বাহনাজ পাৰবিন, নাৰ্জিছ চুলতান,ৰাজিবুল ইছলাম আৰু শ্বেখ আতাউল্লাহক ৫০০০ হেজাৰ টকাৰ চেক বিতৰণ কৰাৰ লগতে বিদ্যালয় খনৰ পৰা বদলি হোৱা শিক্ষক ৰজত দেৱ নাথক গামোচা,জাপি,শৰাই আদিৰে সম্বৰ্ধনা জনোৱা হয়।উক্ত সভাত টুকটুকী প্ৰেছ ক্লাৱৰ সভাপতি জালাল উদ্দীন আহমেদ,কাৰ্যালয় সম্পাদক আবুল হুছেইন, শিক্ষক অৰিজিৎ মহন্তৰ লগতে অভিভাৱক-অভিভাৱিকা আৰু ছাত্র-ছাত্ৰী সকল উপস্থিত আছিল।