ধিঙৰ মোৱামাৰীত বৰলুইতৰ গঢ়া খহনীয়াত জাহ গ’ল ধিং শিলঘাট মথাউৰিৰ এটা অংশ

Pc The Janambhumi

ধিঙৰ মোৱামাৰীত বৰলুইতৰ গঢ়া খহনীয়াত জাহ গ’ল ধিং শিলঘাট মথাউৰিৰ এটা অংশ

আদিলুৰ ৰহমান,টুকটুকী,ৰঙিলী বাৰ্ত্তাসেৱা-  মৈৰাবাৰীৰ মুৱামাৰিত মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কালৰূপ,ৰাতিৰ ভিতৰতে খহাই নিলে এশ মিটাৰতকৈ অধিক কৃষিভূমিৰ লগতে বহুকেইটা ঘৰ।বিগত দুমাহ ধৰি মৈৰাবাৰীৰ মোৱামাৰিত বানে ধাৰণ কৰি আহিছে কালৰূপ। ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষই দিন ৰাতি একাকাৰ কৰি খহনীয়া ৰোধৰ প্ৰচেষ্টা কৰি আছে যদিও নিয়ন্ত্ৰণ পৰা নাই ব্ৰহ্মপুত্ৰৰ গতি।যোৱা নিশা বৰলুইতৰ মতাউৰিত দীৰ্ঘদিন ধৰি আশ্ৰয় লোৱা বান ও গঢ়াখহনীয়া আক্ৰান্ত লোক সকলৰ মাজত সৃষ্টি হয় এক আতংকময় পৰিস্থিতিৰ।কিয়নো যিকোনো মুহূৰ্ততে ব্ৰহ্মপুত্ৰই খহাব পাৰে শিলঘাট-মৈৰাবাৰী সংযোগী মথাউৰি খন। মথাউৰি ওপৰত আশ্ৰয় লোৱা বহু কেইখন পৰিয়ালে ঢাপলি মেলিছে নিজৰ সপোনৰ ঘৰ খন এৰি বেলেগ ঠাইলৈ। মোৱামাৰিত গৰাখহনীয়াৰ স্থায়ী সমাধান বিচাৰি অসমৰ মুখ্যমন্ত্ৰী তথা জলসম্পদ মন্ত্ৰী পীষুছ হাজৰিকালৈ আহ্বান অঞ্চলটোৰ বান আক্ৰান্ত ৰাইজৰ।