মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ পৰিশোধ কৰিব নোৱাৰা দৰিদ্ৰ মহিলাক সকাহ দিয়াৰ বাবে উদগনিমূলক চেক প্রদানৰ সিদ্ধান্ত গ্ৰহণ

pc. facebook

মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ পৰিশোধ কৰিব নোৱাৰা দৰিদ্ৰ মহিলাক সকাহ দিয়াৰ বাবে উদগনিমূলক চেক প্রদানৰ সিদ্ধান্ত গ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা- চৰকাৰে মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ পৰিশোধ কৰিব নোৱাৰা দৰিদ্ৰ মহিলাক সকাহ দিয়াৰ বাবে উদগনিমূলক চেক প্রদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। অসম চৰকাৰৰ বিত্ত বিভাগৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত নলবাৰী গৰ্ডন খেলপথাৰত আয়োজিত বিশাল অনুষ্ঠানত আঁচনিখন আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে নিৰ্বাচনৰ সময়ত দিয়া প্রতিশ্রুতি অনুসৰি জিলাখনৰ মুঠ ২৬,৮৩০গৰাকী হিতাধিকাৰীক এই আঁচনিৰ অধীনত সর্বোচ্চ ২৫ হাজাৰ টকাৰ চেক প্ৰদান কৰা হ’ব৷ ইয়াৰে ৫ হাজাৰ হিতাধিকাৰী মহিলাক চেক প্ৰদান কৰাৰ বিপৰীতে বাকী ২১ হাজাৰক ব্লকে ব্লকে দিয়া হ’ব। চেক প্ৰদান কৰি দিয়া ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ পৰিশোধ কৰিব নোৱাৰা দৰিদ্ৰ মহিলাক সকাহ দিয়া হ’ব বুলি নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি উদগনিমূলক চেক প্ৰদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। যিসকলে বিগত বৰ্ষৰ ৩১ মার্চলৈকে নিয়মিতভাৱে ঋণ পৰিশোধ কৰিছিল তেওঁলোকক এই চেক প্ৰদান কৰা হৈছে। যিসকল দুখীয়া-মধ্যবিত্তই মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ মুঠেই ওভতাই দিব পৰা নাই তেওঁলোককো সকাহ দিয়াৰ বাবে ১ এপ্ৰিলৰ পৰা চৰকাৰে ব্যৱস্থা কৰিব। ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে বর্তমান ৬খন জিলাত উদগনিৰ চেক প্রদান কৰিবলৈ বাকী আছে। অহা মাৰ্চ মাহৰ ভিতৰত এই পৰ্যায়ৰ কাম সম্পূৰ্ণ কৰা হ’ব। উদ্যোগ আৰু উৎপাদনশীলতাত জড়িত হৈ এই উদগনিমূলক সাহায্যক যথোপযুক্তভাৱে ব্যৱহাৰ কৰিবলৈ আঁচনিখনৰ হিতাধিকাৰীসকলৰ প্ৰতি আহ্বান জনাই মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে অসমে নিজৰ বাবে প্ৰয়োজন হোৱা সামগ্ৰীৰ বাবে আন ৰাজ্যৰ ওপৰত সদায়ে নিৰ্ভৰশীল হৈ থাকিব নোৱাৰে। সকলো শ্ৰেণীৰ লোকে ৰাজ্যখনক প্ৰকৃত অৰ্থত আত্মনিৰ্ভৰ কৰাৰ দিশত প্ৰয়াস চলাব লাগিব।