মাজুলীত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৩-৪ দিনৰ ভিতৰত বিজেপিৰ দলীয় প্রার্থিত্ব ঘোষণা কৰা হ’ব

pc. North East Live

মাজুলীত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৩-৪ দিনৰ ভিতৰত বিজেপিৰ দলীয় প্রার্থিত্ব ঘোষণা কৰা হ’ব

ৰঙিলী বাৰ্ত্তাসেৱা- সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে জানিবলৈ দিয়ে যে মাজুলীত ৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে ৩-৪ দিনৰ ভিতৰত দলীয় প্রার্থিত্ব ঘোষণা কৰা হ’ব। মুখ্যমন্ত্রীগৰাকীয়ে কয় যে তেওঁ দিল্লীলৈ গৈ কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে মাজুলীৰ দলীয় প্রার্থী সম্পর্কত আলোচনা কৰিব।সেইদৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই মিত্ৰদলসমূহৰ নেতৃত্বৰ সৈতে কথা-বতৰা পাতিব। ইয়াৰ পাছত ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় নেতৃত্বলৈ দুজনীয়া প্ৰাৰ্থিত্বৰ পেনেল প্ৰেৰণ কৰিব আৰু তাৰ পৰাই এজনে প্রার্থিত্ব লাভ কৰিব।