ডিব্ৰুগড়ৰ সাহসী বনকৰ্মী জিতু হাজৰিকাক বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশেষ সম্বৰ্দ্ধনা
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় মহানগৰ তথা ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত সৰ্প আতঙ্কই দেখা দিলেই যিগৰাকী ব্যক্তিৰ মুখখন প্ৰথমেই মনলৈ আহে—তেওঁৱেই হৈছে ডিব্ৰুগড় বনাঞ্চলিক কাৰ্যালয়ৰ দক্ষ তথা সাহসী বনকৰ্মী জিতু হাজৰিকা। মোহনাঘাটৰ এইগৰাকী নিষ্ঠাবান কৰ্মীয়ে নিজৰ প্ৰাণকো তুচ্ছজ্ঞান কৰি মানুহ আৰু বন্যপ্ৰাণী—দুয়োৰে সুৰক্ষা সুনিশ্চিত কৰি আহিছে। কৰ্তব্যৰ উপৰি এক সংস্কাৰ:যেতিয়াই কোনো লোকৰ গৃহ বা চৌহদত সাপ ওলায়, খবৰ পোৱাৰ মুহূৰ্ততে ঘটনাস্থলীত উপস্থিত হয় জিতু হাজৰিকা। সাপক অকণো আঘাত নকৰাকৈ সুৰক্ষিতভাৱে উদ্ধাৰ কৰি তেওঁ পৰৱৰ্তী সময়ত গৈ উপযুক্ত প্ৰাকৃতিক পৰিৱেশত বনাঞ্চলত মুকলি কৰি দিয়ে।”সাপ দেখিলে আতংকিত নহ’ব, তাক হত্যা নকৰি প্ৰশিক্ষিত উদ্ধাৰকাৰী বা বন বিভাগক খবৰ দিয়ক”—এই বাৰ্তাৰে তেওঁ নিৰন্তৰভাৱে ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰি আহিছে। পৰিৱেশ তন্ত্ৰত সাপৰ গুৰুত্ব বুজাই মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সহাৱস্থানৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।অসম চৰকাৰৰ বিশেষ স্বীকৃতি: জিতু হাজৰিকাৰ এই অতুলনীয় তথা জনহিতকৰ সেৱাক ৰাজ্যিক পৰ্যায়ত আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অসম চৰকাৰৰ ৭২ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপনৰ মঞ্চত তেওঁক সম্বৰ্ধনা জনোৱা হয়।বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জিতু হাজৰিকাক বিশেষ সম্বৰ্ধনা পত্ৰ আৰু সন্মান আগবঢ়ায়। ডিব্ৰুগড়বাসীয়ে ইয়াৰ বাবে এ অতি গৌৰৱৰ বিষয় বুলি অনুভৱ কৰে।
