মহাধিবক্তা পদৰ পৰা পদত্যাগ দেৱজিৎ শইকীয়াৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ এডভোকেট জেনেৰেল তথা মহাধিবক্তা দেৱজিৎ শইকীয়াই নিজৰ পদৰ পৰা পদত্যাগ কৰিছে। ৰাজ্যত নতুন চৰকাৰ গঠনৰ প্ৰাক্ষণত এই সিদ্ধান্ত গ্রহণ কৰাক লৈ ৰাজনৈতিক আৰু আইনী মহলত ব্যাপক চর্চা আৰম্ভহৈছে। জানিব পৰা মতে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বর্তমান চৰকাৰখনৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিছতে শইকীয়াই নিজৰ পদত্যাগ-পত্র দাখিল কৰে। ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এক বিবৃতিত তেওঁ উল্লেখ কৰে যে ৬ মে’ত আনুষ্ঠানিকভাৱে পদত্যাগ-পত্র দাখিল কৰা হৈছে। বিবৃতিত তেওঁ লগতে কয় যে উচ্চ পৰম্পৰা আৰু সাংবিধানিক নীতি অক্ষুণ্ণ ৰাখিবলৈ, মোৰ কাৰ্যকাল আৰু বৰ্তমান চৰকাৰৰ কাৰ্যকাল শেষ হোৱাৰ লগে লগে মই এডভোকেট জেনেৰেল পদৰ পৰা পদত্যাগ কৰিছোঁ। প্রায় পাঁচ বছৰ ধৰি এই গুৰুত্বপূৰ্ণ সাংবিধানিক দায়িত্ব পালন কৰা দেৱজিৎ শইকীয়াই নিজৰ কাৰ্যকালক অত্যন্ত সন্মান আৰু গৌৰৱৰ বুলি অভিহিত কৰে। লগতে এই সময়ছোৱাত লাভ কৰা সহযোগিতাৰ বাবে মুখ্যমন্ত্রী, ৰাজ্যিক মন্ত্ৰী পৰিষদ, চৰকাৰী বিষয়া, আইনী মহলৰ সদস্য আৰু সহকর্মীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে।
