নিৰ্বাচনোত্তৰ হিংসাত জৰ্জৰিত বংগ

Pc Deccan Herald

নিৰ্বাচনোত্তৰ হিংসাত জৰ্জৰিত বংগ

ৰঙিলী বাৰ্ত্তাসেৱা-  সোমবাৰে বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছৰে পৰা নির্বাচনোত্তৰ হিংসাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ।  ফলাফল ঘোষণাৰ পিছৰে পৰা ৰাজ্যখনৰ ঠায়ে ঠায়ে বিক্ষিপ্ত হিংসাত্মক ঘটনা ঘটিবলৈ আৰম্ভ কৰে। গুলী আৰু বোমা বিস্ফোৰণৰ ঘটনাই অগ্নিগর্ভ কৰি তোলা পশ্চিমবংগত ইতিমধ্যে কেইবাজনো লোকৰ প্ৰাণহানি ঘটিছে। বুধবাৰে নিশা ৰাজ্যিক বিজেপিৰ এগৰাকী শীর্ষ নেতা তথা সম্ভাব্য মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক কোনো অচিনাক্ত দুর্বৃত্তৰ এটা দলে ২৪ পৰগনা জিলাৰ মধ্যমগ্ৰামৰ বাৰাছাটৰ ৰাজপথৰ ওপৰতে নিচেই ওচৰৰে পৰা গুলীয়াই হত্যা কৰে। পশ্চিমবংগৰ আগন্তুক চৰকাৰখনৰ ভাবী মুখ্যমন্ত্রী হিচাপে চর্চিত শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়কগৰাকীৰ হত্যাৰ তদন্তৰ বাবে গঠন কৰা হৈছে বিশেষ অনুসন্ধানকাৰী দল, চমুকৈ এছআইটি। এই অনুসন্ধানকাৰী দলটোত ৰাজ্যিক আৰক্ষীৰ লগতে চিআইডিৰ বিষয়াসকলো আছে।  চন্দ্ৰনাথ হত্যাৰ তদন্তত ইতিমধ্যে নামি পৰিছে চিআইডি। বৃহস্পতিবাৰে পুৱাতে ৰাজ্যৰ তদন্তকাৰী সংস্থাৰ বিষয়াসকল উপস্থিত হয় মধ্যমগ্রামৰ ঘটনাস্থলীত। ৰাজ্য আৰু আৰক্ষীৰ ফৰেনছিক বিশেষজ্ঞৰ এটা প্রতিনিধি দলে বুধবাৰে ৰাতিয়েই তাত উপস্থিত হয়। বুধবাৰৰ নিশাটো কার্যতঃ উত্তাল হৈ থাকে উত্তৰ ২৪ পৰগনা। চন্দ্ৰনাথৰ হত্যাৰ নিশাটোতেই পানীহাতীত চলিল দুষ্কৃতিকাৰীৰ তাণ্ডৱ। এটাৰ পিছত এটাকে বোমা বিস্ফোৰণত কঁপি উঠে পানীহাটীৰ ২ নম্বৰ ৱাৰ্ড। বছিৰহাটত পতাকা উত্তোলন কৰা ঘটনাক কেন্দ্ৰ কৰি বিজেপি কর্মীক টার্গেট কৰি গুলী চলোৱাৰ অভিযোগ উঠে তৃণমূলৰ বিৰুদ্ধে। অভিযোগ মতে, এটাৰ পিছত এটাকৈ তিনিটা বোমা বিস্ফোৰণ ঘটায় দুষ্কৃতিকাৰীয়ে। এই বিস্ফোৰণত কমেও ৬-৭জন লোক আহত হয়। ঘটনাৰ খবৰ পাই ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় খৰদহ থানাৰ আৰক্ষী। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ মোতায়েন কৰা হয় কেন্দ্ৰীয় বাহিনীও।