মমতা বেনাৰ্জীৰ মন্ত্ৰীসভাক বর্খাস্ত কৰিলে ৰাজ্যপালে
ৰঙিলী বাৰ্ত্তাসেৱা- বিধানসভাৰ নির্বাচনত তৃণমূল কংগ্ৰেছৰ পৰাজয়ৰ পাছতো দলটোৰ মুৰব্বী মমতা বেনার্জীয়ে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিবলৈ অমান্তি হোৱাৰ পাছত বৃহস্পতিবাৰে বংগৰ ৰাজ্যপালে পশ্চিম বংগ মন্ত্রীসভা বৰ্খাস্ত কৰে। ইতিমধ্যে ৰাজভৱনৰ তৰফৰ পৰা এক বিজ্ঞপ্তি প্রকাশ কৰি জনোৱা হৈছে যে বৰ্তমান চৰকাৰ ম্যাদ আছে ৭ মে’ৰ নিশা ১২ বজা পর্যন্ত । অর্থাৎ বৃহস্পতিবাৰে নিশা ১২ বজাৰ পিছত চৰকাৰৰ ম্যাদ অন্ত পৰিব । তেনেক্ষেত্ৰত শুকুৰবাৰে ৰাজভৱনৰ তৰফৰ পৰা নির্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰা দলক নতুন চৰকাৰ গঠনৰ বাবে আহ্বান জনোৱা হ’ব । ইয়াৰ পিছত সংশ্লিষ্ট দলে ৰাজ্যপালক পত্ৰৰ জৰিয়তে তেওঁলোকৰ সংখ্যাগৰিষ্ঠতাৰ প্রমাণ দিব লাগিব । ইায়ৰ পিছতেই নিৰ্ধাৰণ হ’ব যে পৰৱর্তী নতুন চৰকাৰে শপত গ্ৰহণ নকৰা পৰ্যন্ত চৰকাৰৰ দায়িত্বক কোন থাকিব । যিহেতু এতিয়াও বর্তমান চৰকাৰৰ ম্যাদ শেষ হোৱা নাই, সেয়ে পৰৱর্তী পদক্ষেপ সম্পর্কে ৰাজভৱনৰ তৰফৰ পৰা এতিয়াও স্পষ্টভাৱে একো জনোৱা নাই ৷ উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছদিনা অর্থাৎ ৫ মে’ মঙলবাৰে মমতা বেনার্জীয়ে মুখ্যমন্ত্রী পদ ত্যাগ কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু অভিযোগ কৰিছিল যে নিৰ্বাচনৰ ফলাফল ‘জনমত নহয়, ষড়যন্ত্রহে।’ তেওঁ আৰু কৈছিল, ‘মোৰ পদত্যাগৰ কথাই নাহে, কাৰণ আমাৰ পৰাজয় জনসাধাৰণৰ জনমতৰ বাবে হোৱা নাই, ই এক ষড়যন্ত্র। মই পৰাজিত হোৱা নাই আৰু মই লোকভৱনলৈ নাযাওঁ। প্রায় ১০০ সমষ্টিত জনমত চুৰি কৰা হৈছে আৰু আমাৰ দলৰ উৎসাহ নাইকিয়া কৰিবলৈ ভোট গণনা ইচ্ছাকৃতভাৱে মন্থৰ কৰা হৈছিল।’ নির্বাচন আয়োগে বিজেপিৰ পক্ষত কাম কৰিছে বুলিও বেনার্জীয়ে অভিযোগ কৰিছিল। তেওঁ কৈছিল, ‘আমি নির্বাচনত বিজেপিৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰা নাছিলোঁ, নির্বাচন আয়োগৰ বিৰুদ্ধেহে যুঁজিছিলোঁ, যি বিজেপিৰ সপক্ষে কাম কৰিছিল।’ পৰাজয়ৰ পাছত মমতা বেনার্জীয়ে কৈছিল যে তেওঁ এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত বিৰোধী ইণ্ডিয়া মৰ্চাক শক্তিশালী কৰাত মনোযোগ দিব। তেওঁ আৰু কৈছিল, ‘একাত্মতা প্রদর্শন কৰিবলৈ ইণ্ডিয়া মৰ্চাৰ নেতা-নেত্রীসকলে মোলৈ ফ’ন কৰিছে। ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়েও মোৰ সৈতে কথা পাতিছে।’ তেওঁ সংকল্পবদ্ধ হৈছিল যে তেওঁৰ ৰাজনৈতিক যুঁজ ৰাজপথত অব্যাহত ৰাখিব।
