ডিব্ৰুগড়ত বিশ্ব ৰেডক্ৰছ দিৱস পালন
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো ভাৰতীয় ৰেডক্ৰছ ছ’চাইটিৰ ডিব্ৰুগড় জিলা শাখাই বিশ্ব ৰেডক্ৰছ দিৱস পালন কৰে। এই উদ্দেশ্যে ৰেডক্ৰছ আন্দোলনৰ প্ৰতিষ্ঠাতা চুইজাৰলেণ্ডৰ ছাৰ হেনৰি ডুনান্টৰ ১৯৮ সংখ্যক জন্মজয়ন্তী উপলক্ষে বিশ্ব ৰেডক্ৰছ দিৱস পালন কৰা হয়।ছ’চাইটিৰ অস্থায়ী কাৰ্যালয় প্ৰাঙ্গণত আয়োজিত অনুষ্ঠানত পুৱা ১১ বজাৰ পৰা ৰেডক্ৰছ ছ’চাইটিৰ সদস্যসকল সমবেত হৈ এই মহান মানবতাবাদী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মানবতা, সহমৰ্মিতা আৰু নিঃস্বাৰ্থ সেৱাৰ ক্ষেত্ৰত ছাৰ হেনৰি ডুনান্টৰ আদৰ্শ আজিও সমগ্ৰ বিশ্বৰ বাবে অনুকৰণীয় হৈ আছে বুলি বক্তাসকলে উল্লেখ কৰে।অনুষ্ঠানৰ আৰম্ভণিতে ছ’চাইটিৰ সম্পাদক অনুজ কুমাৰ বৰুৱাই উপস্থিত সদস্যসকলক আদৰণি জনাই দিৱসটোৰ তাৎপৰ্য ব্যাখ্যা কৰে। ছ’চাইটিৰ সভাপতি ড০ পঙ্কজ কুমাৰ শ্ৰুতিকৰে চাকি প্ৰজ্বলন আৰু মহান ব্যক্তিগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। উপস্থিত অন্যান্য সদস্যসকলেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।অনুষ্ঠানত ভাষণ প্ৰদান কৰি ড০ শ্ৰুতিকৰে ছাৰ হেনৰি ডুনান্টৰ মানবতাবাদী দৰ্শন আৰু মহান আদৰ্শসমূহৰ বিষয়ে বিস্তৃতভাৱে আলোকপাত কৰে। তেখেতে জাতি, ধৰ্ম, ভাষা,বৰ্ণ নিৰ্বিশেষে সমাজৰ দুখীয়া আৰু আৰ্তজনৰ সেৱাত আত্মনিয়োগ কৰি অধিক মানবীয় আৰু অন্তৰ্ভুক্তিমূলক সমাজ গঢ়ি তোলাৰ বাবে সকলোকে আহ্বান জনায়।অনুষ্ঠানত সভাৰ উপ- সভাপতি ড০ মহেশ কুমাৰ জৈন, ড০ ভাৰতী দত্ত আদিয়েও বক্তব্য ৰাখি দুৰ্যোগ আৰু জৰুৰীকালীন পৰিস্থিতিত ৰেডক্ৰছ ছ’চাইটিয়ে মানবসেৱামূলক অৱদান আগবঢ়োৱাৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে। এই অনুষ্ঠানত ছ’চাইটিৰ অনান্য সদস্য ড০ ৰুনুমা শৰ্মা,সমীৰ কুমাৰ শৰ্মা, নৰেন্দ্ৰ নাথ গোস্বামী,ৰঞ্জন গোস্বামী, মিতালী বৰুৱা আৰু গায়ত্ৰী দেৱী গোস্বামী উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। ছ’চাইটিৰ উপ-সভাপতি ড০ মহেশ কুমাৰ জৈনে শলাগৰ শৰাই আগবঢ়ায়।
