বুঢ়ী আইতাৰ সাধুৱে সাৰ পায়
বনজিত দাস
ৰিহাবাৰী, বজালী
কবিতা এটা লিখিবলৈ মন আছিল
যিটো কবিতা গালে
বুঢ়ী আইতাৰ সাধুৱে সাৰ পায় ।
সাৰ পাই গায়
আই মোৰ ভৰি কুটে-কুটাই —-
আই মোৰ ককাল কুটেকুটায় —–
ভৰিৰ পৰা মূৰলৈ গিলি গৈছে
লাহে লাহে সমস্ত সত্বা স্বাভিমানক গিলিছে
এফালৰ পৰা
মানৱ অধিকাৰ খৰ্ব ।
ধিৰে ধিৰে চম্পাৱতীৰ ভৰি কুটে-কুটায়
জোঁৱায়ে নেপুৰ পিন্ধোৱাৰ দৰে
হয়তো সহস্ৰ মানুহৰে দেহাতু কুটেকুটায়
বুঢ়ী আইতাৰ সাধুৱে সাৰ পায়
বন-বননি নদী গছবোৰ খাব
মুচুৰি মুচুৰি খাব পাহাৰবোৰ
দলং ঘৰবোৰ গিলিব ।
আই মোৰ ডিঙি কুটেকুটায়
জোঁৱায়ে মনি পিন্ধোৱাৰ দৰেই
গিলিব গোটেই প্ৰাণী বোৰ —-
আমি বাৰু জীয়াই থাকিম
গানবোৰ গাই থাকিম
শুনি থাকিম চম্পাৱতীৰ সাধু ——-
