মন্ত্ৰীৰ কনভয়ৰ খুন্দাত যুৱকৰ মৃত্যু

মন্ত্ৰীৰ কনভয়ৰ খুন্দাত যুৱকৰ মৃত্যু

দেৱাশীষ গোস্বামী, নগাঁও, ৰঙিলী বাৰ্ত্তাসেৱা- আজি দুপৰীয়া চামগুৰি তিনিআলিৰ সমীপত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত চামগুৰি মেইন তিনি আলি নিবাসী প্ৰায় ৩০ বছৰ বয়সৰ মানস প্ৰতীম দাসৰ অতি সংকটজনক অৱস্থাত হস্পিতাললৈ নিয়াৰ পথত মৃত্যু হয়।উল্লেখযোগ্য যে মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ ‘এছকৰ্ট’ মহিন্দ্ৰা THAR,ৰেজিষ্ট্ৰেচন নং AS 25 EC 2093 গাড়ীখনে স্কুটি আৰোহী মানসক তীব্ৰ বেগত খুন্দা মাৰি ৰাস্তাৰ ওপৰতে লুটি বাগৰ খাই বিপৰীত মূখি হৈ ৰাস্তাৰ কাষৰ নিৰ্মীয়মান নলাৰ slap অৰ ওপৰত পৰেগৈ।সৌভাগ্যক্ৰমে দুৰ্ঘটনা সংঘটিত হোৱাৰ কিছু সময় পূৰ্বে নিৰ্মীয়মান নলাটোৰ মিস্ত্ৰী কেইজন আঁতৰি গৈছিল।দুৰ্ঘটনাত নিহত মানস ঘৰৰ একমাত্ৰ ল’ৰা আছিল।দুৰ্ঘটনাতো কিমান ভয়ংকৰ আছিলে দুৰ্ঘটনা সংঘটিত কৰা এছকৰ্ট’ গাড়ী খনৰ অৱস্থা দেখিলেই আপোনালোকে অনুধাৱন কৰিব পাৰিব।আজি কিছুদিনৰ পৰা হঠাৎ বাঢ়ি অহা মন্ত্ৰী-এম এল এৰ কনভয়ৰ দুৰ্ঘটনাৰ বাতৰি,কনভয়ৰ গাড়ীৰ খুন্দাত নিহতৰ বাতৰিয়ে সাধাৰণ ৰাইজক আতংকিত কৰি তোলাৰ ওপৰিও সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে।এফালে ‘স্পীড লিমিট’,’পথ সুৰক্ষা সপ্তাহ’ আনফালে মন্ত্ৰী-এম-এল এৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত,কনভয়ৰ খুন্দাত সাধাৰণ নাগৰিকৰ মৃত্যুৰ বাতৰিবোৰে চৰকাৰৰ ‘স্পীড লিমিট’ ‘পথ সুৰক্ষা’ ইত্যাদি শব্দ বোৰ কেৱল ভেকোভাঁওনা নে ধোৱা চাঙৰ ওপৰত উঠি থকা বগা হাতী বুলি সাধাৰণ ৰাইজে সজোৰে প্ৰশ্ন কৰিছে।