নানাৰঙী মানুহ- ডলি মণি বৈশ্য

pc Pinterest

নানাৰঙী মানুহ

কিছু সংখ্যক মানুহৰ হাজাৰটা ৰূপ দেখি
পূর্বৰ দানৱলৈ মনত পৰে।
হয়তো কোনোৱাখিনিত দানৱখিনিও ভাল…!
আনক বেয়া সজাই নিজেই
ভালৰ আসনত বহি বেছিদিন কোনেও থাকিব নোৱাৰে।
ভালৰ মিছা প্রলেপেৰে মানুহৰ মনত সনা ৰং
এদিন হ’লেও আতৰিব।
সকলোৱে চিনিব মুখৰ আৰৰ মুখাখনৰ কথা।
ডলি মণি বৈশ্য 
গুৱাহাটী