ভোক আৰু প্ৰাচুৰ্য্য – ৰিজু মণি বৰা

Pc Popular Science

ভোক আৰু প্ৰাচুৰ্য্য

ৰিজু মণি বৰা
নগাঁ

অনেকবাৰ মৰাৰ পাছতো
মানুহ কিছুমান জীয়াই থাকে
দেহত নহয়
অভ্যাসৰ জড়তাত।

আচলতে মৃত্যু বৰ সহজ ঘটনা নহয় যদিওঁ
তাতকৈ অধিক কঠিন
প্ৰতিদিনে অলপ অলপকৈ
নিজকে নিজে চাঙিত কঢ়িয়াই ফুৰা

অনুৰ্বৰ মাটিত যেনেকৈ
শস্যই সেউজীয়া হোৱাৰ ভাষা পাহৰে,
তেনেকৈ দুখেৰে গঢ়া নগৰবোৰত
সুখে নিজৰ ঠিকনা সলনি কৰে

আকালৰ বেলিত
নিমখেৰে জুতি লোৱা ভাতমুঠিটো
এক অপূৰ্ব তৃপ্তি লুকাই থাকে—
যেন দীৰ্ঘ অনাহাৰৰ পাছত
জিভাই পুনৰ জীৱনৰ সোৱাদ পায়

কিন্তু…
অভাৱ নুবুজা পেটৰ সন্মুখত
মাংসৰে উপচি পৰা কাঁহীখনো
মাত্ৰ অলংকাৰহে,
কাৰণ ভোক নথকা মানুহে
ভোকৰ সোৱাদ নহয়
কেৱল প্ৰাচুৰ্য্যহে গণনা কৰে।