এজন ককা আৰু চেলৌমণি বদটি – ববিতা বৰঠাকুৰ

Pc YouTube

এজন ককা আৰু চেলৌমণি বদটি

ববিতা বৰঠাকুৰ
কুৰালগুৰি,গোলাঘাট

‘ চেলৌমণি বদটি’,ইউটিউবত উপলব্ধ মাত্ৰ ২ ঘণ্টা,১০ মিনিটৰ এখন ৱেব চিনেমাই সমগ্র অসমতে আজি চৰ্চ্চা লাভ কৰিছে । উজনি অসমৰ অখ্যাত গাঁৱৰ বিখ্যাত কাহিনী হিচাপে শ্ৰোতা দৰ্শকৰ হৃদয়ত ঘৰ সাজিছে ‘চেলৌমণি বদটি’ (Selo Moni Bodoti) নামৰ অসমীয়া ৱেব চিনেমা খনে। থলুৱা নামেৰে চহা গাঁৱলীয়া পৰিবেশৰ বাস্তৱ চিত্ৰায়ন,আকৰ্ষণীয় সংলাপ আৰু সংগীতেৰে ছবিখন কুশীলৱ সাংস্কৃতিক গোষ্ঠীৰ প্ৰযোজনাত নিৰ্মাণ কৰা হৈছে, এই চিনেমাখনৰ পৰিচালনা কৰিছে যুৱ নাট্যকর্মী বিদ্যুৎ বিকাশ শৰ্মা ঠাকুৰে।

ৰূপ সজ্জা অথবা শৃংগাৰবিহীন খন সঁচা মুখ,এটা সঁচা কাহিনী, কোনো নাটকীয় পোছাক পৰিচ্ছদ নাই । এজন ককা,বয়স ৯০ অতিক্ৰম কৰিছে । দৈহিক আৰু মানসিক ভাৱে সম্পূৰ্ণ সুস্থ সুদৰ্শন ব্যক্তি,পিন্ধন-উৰণ, কথা-বার্তা, কাম -কাজ সামাজিক দায়বদ্ধতাত এজন আদৰ্শ ব্যক্তি ককা। জ্ঞান বৃক্ষ গছৰ দৰে নাতি-নাতিনীক লগত লৈ আৰম্ভ কৰিছে এক পোহৰৰ যাত্ৰা ।প্ৰবীণ শিল্পী,শিক্ষা গুৰুৰ আদৰ্শ ব্যক্তিত্বৰে শিষ্যৰ হৃদয়ত বাস কৰা ব্যক্তিজনেই আমাৰ ককা শিৱ প্ৰসাদ শৰ্মা ঠাকুৰ ।

‘চেলৌমণি বদটি’ মুখ্য আকৰ্ষণীয় চৰিত্ৰ হৈছে- ককা’ ৰূপায়ণ কৰিছে শিৱ প্ৰসাদ শৰ্মা ঠাকুৰ নামৰ এই জ্যোতিষ্মান সত্তাই, যিটো বয়সত একুৰি বেমাৰ লৈ বিচনাপাতিত বহুজন পৰি আছে, ইয়াৰ বিপৰীতে এই বয়সত বিজ্ঞান প্ৰযুক্তিৰ অত্যাধুনিক কেমেৰাৰ সন্মুখত সকলোকে চমক লগাই নাতিয়ে নিৰ্মাণ কৰা ছবিত সবল অভিনয় কৰি অসমবাসীক ক’ব বিচাৰিছে–জ্যেষ্ঠ হলে শ্ৰেষ্ঠ হ’ব লাগিব ।ইয়াৰ আগতেও ফণী শৰ্মাৰ “ভোগজৰা”, লক্ষ্যধৰ চৗধুৰীৰ “ৰক্ষ কুমাৰ” প্ৰবীণ ফুকনৰ “পিয়লি ফুকন” আলি হাইদৰৰ “এটা চোলাৰ কাহিনীত” অভিনয় কৰি দৰ্শকক মুগ্ধ কৰে । ২০২১ চনত বিদ্যুৎ বিকাশ শৰ্মা ঠাকুৰৰ কাহিনী আৰু পৰিচালনাৰে চুটি ছবি, অস্তৰাগ’ত মূল চৰিত্ৰ অভিনয় কৰিছিল -শিৱ প্ৰসাদ শৰ্মা ঠাকুৰে। বহু কেইখন গুৰুত্বপূৰ্ণ গ্ৰন্থৰ লেখক বৈজ্ঞানিক দৃষ্টিভংগীৰে পুষ্ট ককাই নতুনত্ব আদৰি ল’ব জানে । নিজ ভাষা সাংস্কৃতিৰ প্ৰতি ককা দায়বদ্ধ, ব্যক্তিগত জীৱনত ককাক লগ পোৱা প্ৰতিজন ধন্য, অভিনয়ত সৰলমনৰ ককা বাস্তৱ জীৱনটো একেই, নিজ মা,মাটি,ভাষা,সাংস্কৃতিক ভালপোৱা ককা এজন পূৰ্ণ ব্যক্তি ।

আধুনিক সমাজখন ভোগবাদী চাকৰিত আবদ্ধ,পৰৰ সম্পত্তিৰ প্ৰতি লালসা। চলে -বলে বুদ্ধি কৌশলেৰে আনৰ সম্পত্তি আত্মসাৎ কৰাজনেই সমাজত উচ্চস্থান পায়। সহজে পোৱা পৰৰ ধনৰ প্ৰতি লালসা এলেহুৱা অসমীয়াৰ কিছু আত্মসমালোচনাত্মক বাৰ্তা চৌলমণি বদতি’ৰ দ্বাৰা দর্শকলৈ আগবঢ়াইছে । সমাজত প্ৰকৃত জেষ্ঠজনৰ আদৰ নাই, পিতৃ-মাতৃৰ প্ৰতি সন্তানৰ কোনো দায়বদ্ধতা নাই, কিন্তু যেতিয়া এজন ব্যক্তিৰ মাটি,বাৰী,ধন-বিত্তই ভৰি থাকে তেওঁৰ ঘৰত এলেকৰ পেলেকে গৈও চুৱা চেলেকে । প্ৰতিজনৰ কেৱল স্বাৰ্থ, ককাৰ সম্পত্তি কেনেকৈ চলে- বলে, বুদ্ধি- কৌশলেৰে নিজৰ কৰিব পাৰি। অনেকজন অনেক ঠাইৰ পৰা আহি ককাৰ ঘৰত ভিৰ কৰিছে,ককাক ফুচুলাইছে,মন ভাল লগাইছে,গীত গাইছে,নাচিছে অনেক কথা। তাৰ বিপৰীতে ককাৰ নাতি-নাতিনীয়ে মুক্ত মনে সঁচা হৃদয়ৰে ককাৰ আলপৈচান ধৰিছে । তেওঁলোক ককাৰ আপোনজন,তেজ মঙৰ নহলেও ককা তেওঁলোকৰ বাবে আদৰ্শ, প্ৰেৰণা আৰু সাহসৰ উৎস। সংগীত ভালপোৱা ককাজন নাতিনীয়ে গোৱা মধুৰ সংগীত শুনি টোপনি যায়, নাতি নাতিনীয়ে মৰম কৰি খুৱালে খাই, সম্পত্তি বিচাৰি অহা আলহী-অতিথিৰ খোৱা শোৱা যতন লয় । এইয়া হ’ল গ্ৰাম্য জীৱনৰ আধাৰত নিৰ্মিত অসমীয়া ৱেব চিনেমা ‘চেলৌ মণি বদতি’ মূল কথা । চিনেমাখনৰ শেষভাগত ককাৰ ৰহস্যজনক ভাবে নিৰুদেশে হোৱা ঘটনাই দৰ্শকক কৌতুহল,উদ্বেগৰ সৃষ্টি কৰি মানৱ সমাজত মানুহৰ মূল্যক স্পষ্ট কৰি ইতিবাচক বার্তা প্ৰেৰণ কৰিছে ।

নৈতিক জীৱনৰ অলেখ প্ৰশ্ন জুমুৰি ধৰি আছে কাহিনীভাগত।ক’তো আউল নলগাকৈ চৰিত্ৰ সমূহ আগবাঢ়িছে, প্ৰতিটো চৰিত্ৰৰ আঁৰত আৰু বহু কথাই লুকাই আছে। গাঁৱৰ নিভাঁজ পৰিবেশ, অসমীয়া ভাষা সাংস্কৃতিপ্ৰেমী গাঁৱৰ ৰাইজে ভাওনা,সবাহ,নাম প্ৰসংগ পৰম্পৰাক তুলি ধৰিবলৈ চেষ্টা কৰিছে । গাঁৱলীয়া লোকৰ আশা -প্ৰত্যাশা, ব্যংগৰস,শ্লেসাত্মকধাৰা,প্ৰেম,প্ৰেৰণা,সংঘাত,প্ৰতাৰণা, চহৰমুখী লোকৰ স্বাৰ্থপৰতা,সম্পত্তি আত্মসাৎ কৰাৰ কুটিল আভিসন্ধিৰ লগতে ৰজনীতি নেতাৰ ক্ষমতা কেন্দ্ৰিক মানসিকতা স্পষ্টৰূপে তুলি ধৰা কাহিনী ভাগ দৰ্শকে মনভৰি উপভোগ কৰিব পাৰিব।

আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল এই চিনেমা খনত প্ৰত্যক্ষ বা পৰোক্ষ ভাবে জড়িত থকা নাট্যকর্মী প্ৰায় গোলাঘাট জিলাৰ আশে- পাশে দেৰগাঁও বৰুৱা বামুণ গাঁৱৰ, বিদ্যুৎ বিকাশ শৰ্মা ঠাকুৰ এই ক্ষেত্ৰত প্রশংসাৰ যোগ্য । স্থানীয় প্ৰতিভাসম্পন্ন শিল্পীয়ে চিনেমাৰ পৰ্দাত নিখুঁত অভিনয় প্ৰদৰ্শন কৰি দৰ্শকক আকৰ্ষণ কৰিব পৰাটো সৌভাগ্যৰ কথা । প্ৰচুৰ সম্ভাৱনাময় বহু শিল্পী অৰ্থ,সুযোগ,সুবিধাৰ অভাৱৰ বাবে নিজৰ প্রতিভা নিজৰ মাজতে ৰাখিলে । এনে বহুজন শিল্পীক এই ‘কুশীলৱ সাংস্কৃতিক গোষ্ঠী’য়ে পৰ্দাৰ সন্মুখলৈ আনি ৰাইজৰ মাজত পুনৰ পৰিচয় কৰাই দিছে । বহু কেইগৰাকী নৱপ্ৰজন্মৰ অভিনেতা অভিনেত্রীৰ অভিনয়ৰ পাৰদৰ্শিতাই চিনেমাখনক নতুন মাত্ৰা প্ৰদান কৰিছে।

আমি এজন সাধাৰণ দৰ্শক হিচাপে আহ্বান জনাওঁ, ইউটিউবত উপলব্ধ চেলৌমণি বদটি’ চাওক,সমাজৰ কিছুমান আচল চৰিত্ৰৰ লগত পৰিচয় হওক। আমাৰ ককা চিৰসেউজ হৈ থাকক। আমাৰ অতি মৰমৰ নাট্যকর্মী সকলে সাহস অনুপ্ৰেৰণা পাওক । চিনেমা বা নাটক এখন এটা জাতি,এটা অঞ্চলৰ দাপোন স্বৰূপ । আহক আমি আমাৰ নৱপ্ৰজন্মক পোহৰৰ দিশে আগবাঢ়ি যোৱাত অনুপ্ৰেৰণা যোগাওঁ ।