ভাৰতীয় বেডমিণ্টন যুটি ধ্ৰুৱ-অৰ্জুনৰ প্ৰথম আন্তৰ্জাতিক খিতাপ জয়

Pc The Indian Express

ভাৰতীয় বেডমিণ্টন যুটি ধ্ৰুৱ-অৰ্জুনৰ প্ৰথম আন্তৰ্জাতিক খিতাপ জয়

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ব চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলিষ্ট ধ্ৰুৱ কপিলা আৰু এম আৰ অৰ্জুনে নাগপুৰত অনুষ্ঠিত মহাৰাষ্ট্ৰ আন্তঃৰাষ্ট্ৰীয় চেলেঞ্জ বেডমিণ্টন টুৰ্ণামেণ্টত পুৰুষৰ দ্বৈত খিতাপ অৰ্জন কৰে। ভাৰতীয় যুটিটোৱে থাইলেণ্ডৰ বেডমিণ্টন যুটি চালোইম্পন চাৰোয়েনকিটামন আৰু নান্থাকৰ্ণ য়ৰ্ডফাইচঙক ২১-১৭, ২০-২২ আৰু ২১-১৮ ত পৰাস্ত কৰে। লক্ষণীয়ভাৱে, এইটো যুটিটোৰ প্ৰথম আন্তৰ্জাতিক খিতাপ আছিল।