চণ্ডিগড় বিশ্ববিদ্যালয় ২৪ ছেপ্টেম্বৰলৈকে বন্ধ

Pc Zee News

চণ্ডিগড় বিশ্ববিদ্যালয় ২৪ ছেপ্টেম্বৰলৈকে বন্ধ

ৰঙিলী বাৰ্ত্তাসেৱা- আৰক্ষীয়ে চণ্ডীগড় বিশ্ববিদ্যালয়ৰ এমএমএছ কাণ্ডৰ তদন্ত কৰি আন এজন যুৱকক গ্ৰেপ্তাৰ কৰে। বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ আপত্তিজনক ভিডিঅ’ বনাই ইণ্টাৰনেটত প্ৰচাৰ কৰাৰ অপৰাধত ৩ জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনাত এগৰাকী ছাত্ৰী, তেওঁৰ ২৩ বছৰীয়া প্ৰেমিক আৰু আন এজন ৩১ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে।এই ভিডিঅ’ কেলেংকাৰীত জড়িত থকাৰ বাবে কৰ্তৃপক্ষই বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ দুগৰাকী ৱাৰ্ডেনকো চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। সকলো হোষ্টেলৰ ৱাৰ্ডেন বদলি কৰাৰ লগতে হোষ্টেলৰ সময়সূচীও সলনি কৰা হৈছে। চণ্ডীগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ২৪ ছেপ্টেম্বৰলৈকে সকলো শ্ৰেণী স্থগিত ৰাখিছে। বিশ্ববিদ্যালয় চৌহদত ছাত্ৰ-ছাত্ৰীসকলে সকলো অভিযুক্তক শাস্তি প্ৰদানৰ দাবীত নিৰন্তৰ প্ৰতিবাদ কৰাৰ বাবেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।কমেও ৬০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ গা ধোৱা দৃশ্য বন্দী কৰি প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী ছাত্ৰীৰ বিৰুদ্ধে। সেই ভিডিঅ’বোৰ ইণ্টাৰনেটত প্ৰচাৰ হোৱাৰ সময়ত ৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যাৰ চেষ্টা কৰাৰো অভিযোগ উত্থাপন হৈছে। শনিবাৰে নিশা এই খবৰটো পোহৰলৈ অহাৰ লগে লগে বিশ্ববিদ্যালয় চৌহদত এক প্ৰতিবাদ  মুখৰ পৰিৱেশৰ সৃষ্টি হয় । প্ৰায় এক হাজাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিবাদত যোগদান কৰে । কিন্তু এই সন্দৰ্ভত মাত্ৰ এটা ভিডিঅ’ ফাদিল হোৱা বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। ঘটনাৰ তদন্ত কৰি আৰক্ষীয়েও একেই কথা কয়।