* ভাল ল’ৰা তেতিয়াও আছিল *- – অঞ্জুমণি শইকীয়া

p.c. shutterstock

* ভাল ল’ৰা তেতিয়াও আছিল *

(১) পিতৃ বাক্য পালন কৰি শ্ৰীৰামচন্দ্ৰ বনলৈ গৈছিল ৷

(২) শ্ৰৱণ কুমাৰে অন্ধ পিতৃ – মাতৃক পাচিত উঠাই তীৰ্থ ফুৰাইছিল ৷

(৩) সম্ৰাট নেপোলিয়ন বোনাপাৰ্টে ৰয়েল মিলিটেৰী কলেজত পঢ়ি থকা সময়ত শিক্ষা বৃত্তিৰ পৰা পোৱা ধনৰ ৰাহি অংশ মাকলৈ পঠিয়াইছিল ৷

(৪) বিশ্ব বিখ্যাত কৌতুক অভিনেতা চাৰ্লি চেপলিনে পাঁচ বছৰ বয়সৰ পৰা মঞ্চ জীৱনৰ আৰম্ভণি কৰি দৰিদ্ৰতাই কোঙা কৰা ঘৰখনক সহায় কৰিছিল ৷ প্ৰথম বিশ্ব যুদ্ধ অন্ত পৰাৰ পিছত চাৰ্লি চেপলিনে আমেৰিকাত মাকে ভালপোৱা ধৰণেৰে এটা ঘৰ সাজি দিছিল ৷

(৫) ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি , বিজ্ঞানী ড° এ পি জে আব্দুল কালামে দেউতাকৰ অসুখৰ খবৰ পালেই ভাল ডাক্তৰ আনি দেউতাকক চিকিৎসা কৰাইছিল ৷ দেউতাকে কালামক কৈছিল , “ ফিজ দি ডাক্তৰক কিয় আনিব লাগে ? তই আহিলেই মোৰ বেমাৰ ভাল হৈ যায় ৷ “

* ভাল ল’ৰা এতিয়াও আছে *

(১) দেউতাক ঢুকাওঁতে ল’ৰাটো এল পি স্কুলত ৷ ভনীয়েকে বহিবলৈ শিকিছেহে মাথোন ৷ মাকে আমাৰ ভাড়াঘৰত থাকিয়েই কাপোৰ ইস্ত্ৰি কৰি ল’ৰা ছোৱালী হালক ডাঙৰ কৰিলে ৷ ল’ৰাটোৱে অলপ পঢ়িয়েই ব্যৱসায়ত নামি মাকক কামৰ পৰা অব্যাহতি দিলে ৷ ভনীয়েকক বিয়া দি সিয়ো বিয়া পাতিলে ৷ পো – বোৱাৰীক লৈ মাকো এতিয়া সুখী ৷

(২) স্বামীয়ে এৰি থৈ যোৱ মানুহগৰাকীয়ে প্ৰেছত কাম কৰি একমাত্ৰ পুত্ৰক মেট্ৰিকলৈ পঢ়ুৱালে ৷ পুত্ৰই ঘৰে ঘৰে টিউচন কৰি মাকক কামৰ পৰা আঁতৰাই নিজেও কলেজত পঢ়িলে ৷ বৰ্তমান ল’ৰাজন চৰকাৰী চাকৰিয়াল ৷

(৩) এজন পুত্ৰ কৰ্মসূত্ৰে দূৰত থাকে , এজন লগত থাকে ৷ লগত থকা বোৱাৰীয়ে নীতি নিয়ম নামানে বুলি শহুৰ – শাহুৱে বোৱাৰীৰ হাতে খাবলৈ বেয়া পায় ৷ লগত থকা শিক্ষক পুতেকে স্কুললৈ যোৱাৰ আগত ভাত ৰান্ধি মাক দেউতাকক দিয়াৰ লগতে নিজেও লগতে খায় ৷ ৰাতিও ৰান্ধি দি লগতে খায়৷ বোৱাৰী বা নাতিৰো আপত্তি নাই ৷

(৪) আমাৰ ওচৰতে ডাক্তৰনী বাইদেউ এগৰাকী আছিল ( ঢুকুৱা দেৰ বছৰ হ’ল ! ) ৷ এদিন বাইদেৱে পিন্ধি থকা শাৰীখন “ বৰ ভাল লাগিছে “ বুলি আমি কেইগৰাকীমানে ক’লো ৷ বাইদেউৱে হাঁহি মাৰি ক’লে , “ এইখন মোৰ ল’ৰাই পঢ়ি থাকোঁতে শিক্ষা বৃত্তিৰ পৰা পোৱা টকাৰে কিনি দিছিল ৷ এতিয়াও এইখন শাৰী মোৰ বৰ প্ৰিয় ৷ “ বাইদেউৰ ল’ৰাও এজন প্ৰতিষ্ঠিত ডাক্তৰ ৷

(৫) বাপেক নাইকিয়া একমাত্ৰ ল’ৰাটোলৈ মাক আৰু বায়েক ভিনিহিয়ে লগ হৈ সি পচন্দ কৰা ছোৱালী জনীকে বিয়া পাতি দিলে ৷ ল’ৰা এটা জন্ম হোৱাৰ পিছত সি পত্নীৰ সৈতে লগ হৈ মাকক অকলশৰীয়া কৰি একেটা ঘৰতে বেলেগ হৈ চৰু পাতিলে ৷ মাকেও ক’লে , “ যেনেকৈ ভাল পাৱ , তেনেকৈ থাক ৷ মোৰ আপত্তি নাই ৷ “ কিছুদিনৰ পিছত পত্নীয়ে ভায়েকৰ নামত দোকান এখন লিখি দিবলৈ স্বামীক ক’লে ৷ স্বামীয়ে ক’লে , “ দেউতাৰ সম্পত্তিৰ উত্তৰাধিকাৰী মা ৷ মা’ ৰ পিছতহে মই ৷ দোকানৰ ভাড়াৰ টকাৰে মা চলি থাকে ৷ “ এই কথা লৈয়ে কাজিয়া কৰি শাহুৱেক ঘৰত নথকা সময়ত বোৱাৰীয়েক মাকৰ ঘৰলৈ গুচি গ’ল ৷ পিছত শাহুৱেকে বোৱাৰীয়েকক ঘূৰাই আনিবলৈ গৈ বোৱাৰীয়েকৰ ঘৰত অপমানিতহে হ’ল ৷ সকলো দুখ লগত লৈ পুত্ৰৰ মৃত্যু হ’ল ৷ এতিয়া বৃদ্ধা মাকৰ সহায় জীয়েকজনী ৷

“ আজিকালি ছোৱালীহে ভাল ৷ এঘৰলৈ যোৱাৰ পিছতো মাক – দেউতাকৰ খবৰ লয় ৷ আজি – কালি ল’ৰাই মাক – দেউতাকক উলটি নাচায় ৷ “ — বাক্যশাৰী শুনি , পঢ়ি আমাৰ পঢ়ি থকা ল’ৰাই কয় , “ মা , এনেকুৱা লাগে , ল’ৰা হৈ জন্ম লৈ যেন ডাঙৰ পাপহে কৰিলোঁ ৷ “

সকলোকে অনুৰোধ কৰিছো , প্ৰাৰ্থনা কৰিছো  ল’ৰা ভাল , ছোৱালী বেয়া বা ছোৱালী ভাল , ল’ৰা বেয়া বুলি মন্তব্য নিদিব ৷ সন্তান ভগৱানৰ আশীৰ্বাদ ৷ সংস্কাৰ দিব পৰাটোহে আচল কথা ৷

– অঞ্জুমণি শইকীয়া ৷
যোৰহাট , মালৌ- আলি ৷