আমিবোৰ…..- নন্দেশ্বৰ মিলি

p.c.-unsplash

আমিবোৰ…..

ধন-সম্পদৰ লালসাত আমি
দিনে-ৰাতিয়ে ব্যস্ত থাকোঁ
যন্ত্রৱদ্ধ চাবিটিৰ হাতত
আমি পুতলা হৈ  যাওঁ।
সেউজ হৃদয়বোৰত ক্ৰমশঃ
হালধীয়া ৰঙে বাহ লয়
কৃত্রিমতাৰ আৱৰণ পিন্ধি আমি
নিজেও অচিনাকি হৈ যাওঁ।
নন্দেশ্বৰ মিলি