‘ ভাদ মাহ ‘
ভক্তি, পৰম্পৰা আৰু অসমীয়া সংস্কৃতিৰ মিলনভূমি
শংকৰ দেৱ, দেৰগাঁও
অসমীয়া সমাজ-সংস্কৃতিৰ বুকুত ভাদ মাহৰ স্থান একেবাৰে সুকীয়া। এই পৱিত্ৰ ভাদ মাহ আহিলেই যেন অসমৰ গাঁও-চহৰৰ পৰিৱেশটো অলপ সলনি হৈ পৰে। গধূলি হ’লেই অন্য মাহৰ সময়তকৈ এই মাহত নামঘৰৰ চৌহদত অধিক মাত্ৰাত জ্বলি উঠে বন্তি, ভাহি আহে হৰিনামৰ মধূৰ ধ্বনি। বিশেষকৈ গাঁৱৰ ৰাইজে দৈনন্দিন ব্যস্ততা অলপ আঁতৰাই থৈ নামঘৰলৈ ঢাপলি মেলাটো এক পৰম্পৰাগত বৈশিষ্ট্য। কোনোবাই হাতত শৰাই লৈ আহে, কোনোবাই আকৌ প্ৰসাদৰ যোগাৰ কৰে, আন কোনোবাই নাম-কীৰ্তনৰ ব্যৱস্থা কৰাত ব্যস্ত হৈ পৰে। মুঠতে এই পৱিত্ৰ ভাদ মাহত অসমৰ চহা জীৱনৰ মাজত এক অনন্য ভক্তিৰসৰ পৰিৱেশ গঢ় লৈ উঠে। এই পৱিত্ৰ মাহটো কেৱল এটা মাহেই নহয়, ই অসমীয়া জাতিৰ ধৰ্মীয় বিশ্বাস, সামাজিক সম্প্ৰীতি, লোকাচাৰ আৰু সাংস্কৃতিক পৰম্পৰাৰ সৈতে ওতপ্ৰোতভাৱে জড়িত। বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ তিথি এই মাহৰ সৈতে গভীৰভাৱে সম্পৰ্কিত হোৱা বাবেই এই মাহ অসমীয়া বৈষ্ণৱ সমাজৰ বাবে অতি পৱিত্ৰ। উচ্চ-নীচ্চ, ধনী-দুখীয়া এই ভেদাভেদ বোৰ পাহৰি নামঘৰৰ চোতালত এক আধ্যাত্মিক মিলনৰ পৰিৱেশ গঢ়ি উঠে । অসমীয়া সমাজ জীৱনত নামঘৰ কেৱল নাম-প্ৰসঙ্গ কৰাৰ ঠায়েই নহয়, ই হৈছে গাঁৱৰ ৰাইজৰ মিলনস্থলী, সামাজিক জীৱনৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ। এই মাহত নামঘৰৰ চোতালখন যেন অধিক সজীৱ হৈ উঠে।
“আহক, আজি নামঘৰলৈ যাওঁ”— এই সাধাৰণ মাতষাৰেই বহুদিনৰ মূৰত চুবুৰীয়াকো একেলগে মিলাই দিয়ে। গাঁৱৰ ডেকা-বুঢ়া, আইতা-আজোককা, জীয়ৰী-বোৱাৰী সকলোৱে নিজৰ সাধ্য অনুসৰি নাম-প্ৰসংগত অংশ লয়। এই মিলনেই অসমীয়া সমাজৰ প্ৰকৃত শক্তি। সুখে-দুখে এজনে আনজনৰ কাষত থিয় দিয়া, বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়োৱা আৰু সমাজখনক একেলগে আগুৱাই নিয়াৰ মানসিকতা নামঘৰীয়া সংস্কৃতিৰ এক অমূল্য অৱদান।
ভাদ মাহ আহিলেই অসমীয়াৰ মনলৈ আহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ আদৰ্শৰ সোঁৱৰণ যিটো বিশ্বত এক চিৰ অমৰ অৱদান। দুয়োগৰাকী মহাপুৰুষে ধৰ্মৰ মাজেৰে সমাজক একতাৰ ডোলেৰে বান্ধিবলৈ চেষ্টা কৰিছিল। তেওঁলোকৰ বাণীত আছিল ভক্তিৰ লগতে মানৱতা, সমতা, প্ৰেম আৰু ভাতৃত্ববোধৰ শিক্ষা আইতা-আজোককাৰ মুখে মুখে শুনি অহা কীৰ্তন, নামঘোষা, বৰগীত আৰু মহাপুৰুষসকলৰ জীৱন-কাহিনীয়ে আজিও গাঁৱৰ সৰু-ডাঙৰ সকলোকে আকৰ্ষণ কৰে। এইদৰেই এজনে আনজনৰ পৰা শিকি এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ আমাৰ সংস্কৃতি বৈ আহিছে। এই পৱিত্ৰ মাহৰ আন এক উল্লেখযোগ্য ধৰ্মীয় উৎসৱ হৈছে শ্ৰীকৃষ্ণ জন্মাষ্টমী। জন্মাষ্টমীৰ দিনা বহু নামঘৰ আৰু সত্ৰত নিশালৈকে হৰিনাম, কীৰ্তন আৰু বিভিন্ন ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হয়।জন্মাষ্টমীৰ ভক্তিৰস গাঁৱৰ চোতালত সৰু ল’ৰা-ছোৱালীবোৰে কৃষ্ণৰ সাজ পিন্ধি ঘূৰি ফুৰে। নামঘৰৰ পৰা ভাহি অহা খোল-তালৰ মাত, হৰিনামৰ ধ্বনি আৰু ভক্তসকলৰ সমাগমে চৌদিশ মুখৰিত কৰি তোলে। কেতিয়াবা ভাওনা বা অংকীয়া নাটৰ আয়োজনেও গাঁৱৰ পৰিৱেশটো অধিক ৰঙীন কৰি তোলে। এইবোৰ কেৱল ধৰ্মীয় অনুষ্ঠানেই নহয়, ইয়াৰ মাজেৰে শিশুসকলে নিজৰ ক’লা-সংস্কৃতি আৰু ঐতিহ্যৰ সৈতে পৰিচিত হোৱাৰ সুযোগ লাভ কৰে।
অসমৰ সত্ৰসমূহ ভাদ মাহত বিশেষভাৱে সজীৱ হৈ উঠে। বৰগীত, গায়ন-বায়ন, সত্ৰীয়া নৃত্য, ভাওনা আদি বিভিন্ন সাংস্কৃতিক পৰম্পৰাই এই সময়ছোৱাত নতুন প্ৰাণ লাভ কৰে। বিশেষকৈ আজিৰ ডিজিটেল যুগত মোবাইল ফোন, টেলিভিছন আৰু সামাজিক মাধ্যমৰ ব্যস্ততাৰ মাজতো যদি কোনো এটি গাঁৱৰ নামঘৰৰ চোতালত বহি খোল-তালৰ সুৰ শুনা যায়, তেন্তে মনলৈ আহে আমাৰ ঐতিহ্য আৰু পৰম্পৰাৰ কথা। এই পৰম্পৰাই আমাক সোঁৱৰাই দিয়ে যে আধুনিক হ’লেও নিজৰ সংস্কৃতি পাহৰি গ’লে জাতি হিচাপে আমাৰ পৰিচয় দুৰ্বল হৈ পৰিব। এই পৱিত্ৰ মাহৰ আটাইতকৈ সুন্দৰ দিশসমূহৰ ভিতৰত অন্যতম হৈছে সামাজিক সম্প্ৰীতি। একে ঠাইতে বহি সকলোৱে মিলি পৱিত্ৰ মনেৰে হৰিনাম লয়। “সকলোৱে মিলি থাকিলেহে গাঁওখন ভাল”— এই সহজ চহা কথাষাৰ যেন ভাদ মাহৰ সামাজিক তাৎপৰ্যৰেই প্ৰতিফলন। নামঘৰক কেন্দ্ৰ কৰি মানুহৰ মাজত পৰস্পৰৰ খবৰ লোৱাৰ, দুখৰ দিনত কাষত থিয় দিয়াৰ আৰু সুখৰ দিনত আনন্দ ভাগ-বতৰা কৰাৰ পৰম্পৰা গঢ় লৈ উঠিছে। এই সামাজিক বন্ধন আজিৰ ব্যস্ত জীৱনত বিশেষভাৱে মূল্যৱান। এই মাহৰ অনুষ্ঠানসমূহ নতুন প্ৰজন্মৰ বাবে এখন জীৱন্ত সাংস্কৃতিক পাঠশালাৰ দৰে। কিতাপত পঢ়া শংকৰদেৱ-মাধৱদেৱৰ কথা, বৰগীত, কীৰ্তন, ভাওনা বা সত্ৰীয়া সংস্কৃতি যেতিয়া বাস্তৱ জীৱনত দেখিবলৈ পায়, তেতিয়াহে তাৰ প্ৰতি গভীৰ অনুৰাগ জন্মে।
সেয়ে নামঘৰ আৰু সত্ৰসমূহত ভাদ মাহ উপলক্ষে শিশু আৰু যুৱক-যুৱতীৰ বাবে বৰগীত, ভাওনা, সত্ৰীয়া নৃত্য, কীৰ্তন আৰু সাংস্কৃতিক আলোচনা আয়োজন কৰিলে নতুন প্ৰজন্মক নিজৰ ঐতিহ্যৰ সৈতে অধিক নিবিড়ভাৱে জড়িত কৰিব পৰা যাব।
সময়ৰ সোঁতত সমাজ সলনি হৈছে। গাঁৱৰ জীৱনতো আধুনিকতাৰ প্ৰভাৱ পৰিছে। আগৰ দৰে সকলো মানুহে সদায় একেলগে থাকিব নোৱাৰে। তথাপি ভাদ মাহ আহিলেই বহু মানুহে নিজৰ ব্যস্ততা এৰি “নামঘৰলৈ এপাক যাওঁ” বুলি ওলাই আহে। এই সৰল অভ্যাসটোৱেই আমাৰ সাংস্কৃতিক শিপাডাল এতিয়াও সজীৱ কৰি ৰাখিছে। আধুনিক জীৱনে আমাক যিমানেই ব্যস্ত নকৰক কিয়, নামঘৰৰ বন্তিৰ পোহৰ, খোল-তালৰ মাত আৰু হৰিনামৰ সুৰে আজিও অসমীয়াৰ মনত এক বিশেষ টান সৃষ্টি কৰে।
সামৰণিত ক’ব পাৰি যে ভাদ মাহ অসমীয়া সমাজৰ বাবে কেৱল পঞ্জিকাৰ এটি মাহ নহয়। ই ভক্তি আৰু সংস্কৃতিৰ, পৰম্পৰা আৰু আধুনিকতাৰ, ব্যক্তি আৰু সমাজৰ মাজত এক সুন্দৰ সংযোগৰ মাহ। ভাদ মাহত নামঘৰৰ চোতালত একেলগে বহা ৰাইজ, গধূলিৰ হৰিনাম, খোল-তালৰ সুৰ, আইতা-আজোককাৰ মুখৰ মহাপুৰুষৰ কাহিনী আৰু শিশুৰ মুখৰ কৃষ্ণৰ সাজ—এই সকলোবোৰ মিলিয়েই গঢ়ি উঠে অসমীয়া সমাজ-সংস্কৃতিৰ এক অনন্য ছবি। সেয়েহে আমাৰ কৰ্তব্য হৈছে এই অমূল্য পৰম্পৰাক কেৱল পালন কৰাই নহয়, নতুন প্ৰজন্মৰ হাতত সযতনে তুলি দিয়া। শংকৰদেৱ-মাধৱদেৱৰ মানৱতাৰ বাণী হৃদয়ত ধাৰণ কৰি যদি আমি পৰস্পৰৰ সুখ-দুখত কাষত থিয় দিব পাৰোঁ, তেন্তে এই পৱিত্ৰ ভাদ মাহৰ প্ৰকৃত শিক্ষা আৰু তাৎপৰ্য সাৰ্থক হ’ব।
