শ্বিলঙৰ অসম ৰেজিমেন্টেল চেণ্টাৰ পৰিদৰ্শন মুখ্যমন্ত্রী ড° শৰ্মাৰ

শ্বিলঙৰ অসম ৰেজিমেন্টেল চেণ্টাৰ পৰিদৰ্শন মুখ্যমন্ত্রী ড° শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই শনিবাৰে ভাৰতীয় সেনাৰ অসম ৰেজিমেণ্টৰ শ্বিলঙস্থিত মুখ্য কার্যালয়ৰ ‘অসম ৰেজিমেন্টেল চেণ্টাৰ’ পৰিদৰ্শন কৰে। ১৯৪১ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত শ্বিলঙত স্থাপিত অসম ৰেজিমেণ্টেল চেণ্টাৰৰ এক সুদীৰ্ঘ আৰু সোণালী ইতিহাস আছে । ৰাজ্যৰ স্থায়ী ৰাজধানী দিছপুৰ হোৱাৰ পাছত অসমৰ মুখ্যমন্ত্রী হিচাপে এয়াই আছিল এই চেণ্টাৰলৈ প্রথম ভ্ৰমণ ৷ ইয়াৰ পূৰ্বে কেৱল প্রাক্তন মুখ্যমন্ত্রী প্রয়াত বিষ্ণুৰাম মেধি আৰু প্ৰয়াত বিমলা প্রসাদ চলিহাইহে এই কেন্দ্ৰটো পৰিদৰ্শন কৰিছিল, যাৰ ফলত মুখ্যমন্ত্রী ড° শৰ্মাৰ এই ভ্রমণ এক ঐতিহাসিক ক্ষণ হিচাপে পৰিগণিত হৈছে।  এই ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীয়ে যুদ্ধস্মাৰকত মাল্যাৰ্পণ কৰি দেশৰ সেৱাত পৰম ত্যাগ কৰা বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । লগতে তাত তেওঁ দৰ্শনাৰ্থীৰ বহীতো স্বাক্ষৰ কৰে ।  মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰটোত ড্রোনৰ ব্যৱহাৰেৰে অনুষ্ঠিত এক চিত্তাকর্ষক যুদ্ধ কৌশলৰ প্ৰদৰ্শনো প্রত্যক্ষ কৰে। ইয়াৰ উপৰি তেওঁ প্ৰশিক্ষণ ক্ষেত্ৰ পৰিদৰ্শন কৰি জংঘল লেন শ্বুটিং, কমাণ্ডো ব্রিফিং, ট্রাইবেল ট্রেপ আৰু ৰিফ্লেক্স শ্বুটিং ৰেঞ্জ আদিও প্রত্যক্ষ কৰে।

সেনা জোৱানসকলে  তেওঁলোকৰ অনন্য শাৰীৰিক সক্ষমতা, মানসিক দৃঢ়তা আৰু সংকল্পক সুন্দৰভাৱে প্ৰতিফলিত কৰি উন্মু আৰু কাৰাটেৰ কেতবোৰ কৌশলো মুখ্যমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শন কৰে। ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰটোৰ ‘ডাহ অডিটৰিয়াম’ত অনুষ্ঠিত এক বিশেষ কার্যসূচীত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত ৰেজিমেণ্টৰ গৌৰৱময় ইতিহাস সম্বলিত এখন তথ্যচিত্র প্রদর্শন কৰাৰ লগতে সেনা জোৱানসকলৰ দ্বাৰা বিহু নৃত্য, উত্তৰ-পূবৰ যোদ্ধাসকলৰ প্ৰদৰ্শন আদি বিভিন্ন প্রদর্শনীও অনুষ্ঠিত হয়। মুখ্যমন্ত্রীয়ে কেন্দ্ৰটোৰ বিষয়া আৰু সেনা জোৱানসকলৰ সৈতে এক অন্তৰংগ আলাপতো মিলিত হয়। তেওঁ বিশেষকৈ ২৪ গৰাকী অগ্নিবীৰৰ পৰিয়াল আৰু ২০ গৰাকী প্ৰাক্তন সৈনিকৰ সৈতে মত বিনিময় কৰে। মুখ্যমন্ত্ৰীয়ে অসম ৰেজিমেন্টেল চেণ্টাৰৰ মুখ্য কাৰ্যালয়ত চেণ্টাৰ কমাণ্ডেণ্টৰ পৰা সাম্প্ৰতিক পৰিস্থিতি আৰু কেন্দ্ৰটোৰ কাম-কাজ সন্দর্ভত এক চমু আলোচনাতো মিলিত হয়। দেশৰ স্বাধীনতা আৰু অখণ্ডতা সুৰক্ষাৰ বাবে জীৱন উছৰ্গা কৰা শ্বহীদসকলৰ ত্যাগৰ কথা সোঁৱৰণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই বীৰ সেনানীসকলৰ অদম্য সাহস, বীৰত্ব আৰু দেশপ্রেমে নৱপ্ৰজন্মক চিৰদিন অনুপ্রাণিত কৰি যাব।

অসম ৰেজিমেণ্টৰ বীৰত্ব আৰু ত্যাগৰ এক গৌৰৱময় ইতিহাস আছে বুলি উল্লেখ কৰি তেওঁ কয় যে অসম ৰেজিমেন্টেল চেণ্টাৰ পৰিদৰ্শন কৰা আৰু বীৰ সেনানী তথা তেওঁলোকৰ পৰিয়ালবৰ্গৰ সৈতে সময় অতিবাহিত কৰিবলৈ পোৱাটো তেওঁৰ বাবে এক অতিশয় সন্মানজনক আৰু গভীৰ অনুপ্ৰেৰণাদায়ক অভিজ্ঞতা। ‘আমাৰ সেনা জোৱানসকলৰ সাহসেই হৈছে আমাৰ দেশৰ প্ৰকৃত শক্তি। তেওঁলোকৰ এই মহান ত্যাগ আমাৰ সকলোৰে স্মৃতিত চিৰযুগমীয়া হৈ থাকিব’- মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। উল্লেখ্য যে মুখ্যমন্ত্রীয়ে শ্বিলংস্থিত অসম ৰেজিমেণ্টৰ কাৰ্যালয়ত বিভিন্ন নথি পৰিদৰ্শন কৰি অভিভূত হৈ তেওঁ উল্লেখ কৰে যে বিশেষ আমন্ত্রণমর্মে উপস্থিত থাকিবলৈ পোৱাটো সৌভাগ্যৰ কথা। পূৰ্বতে বিষ্ণুৰাম মেধি আৰু বিমলা প্রসাদ চলিহাৰ দৰে বৰেণ্য ব্যক্তিসকল এই চেণ্টাৰলৈ আহিছিল। মুখ্যমন্ত্ৰীৰ এই ভ্রমণকালত ১০১ এৰিয়াৰ জি অ’ চি লেফটেনেন্ট জেনেৰেল মোহিত বাধৱা আৰু চেণ্টাৰ কমাণ্ডাৰ ব্রিগেডিয়াৰ বিকাশ ৰায় শাণ্ডিল্য উপস্থিত থাকে।