বৰ্ষাপাৰাত অসম ক্ৰিকেট সংগ্ৰহালয় উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ বৰ্ষাপাৰা এচিএ ষ্টেডিয়ামৰ চৌহদত স্থাপন কৰা অসম ক্ৰিকেট সংগ্ৰহালয়টো উদ্বোধন কৰে ৷ তেওঁ লগতে ‘দ্য গোল্ডেন ইনিংছ: লেগেচি অৱ অসম ক্ৰিকেট’(The Golden Innings: Legacy of Assam Cricket) শীৰ্ষক এখন তথ্যচিত্ৰও উন্মোচন কৰে।এই সংগ্ৰহালয়টো ১৯৪৮ চনত আৰম্ভ হোৱা অসম ক্ৰিকেট সন্থাৰ গৌৰৱময় যাত্ৰা, অসমৰ ক্ৰিকেটৰ চহকী ঐতিহ্যৰ প্ৰতীক ৷ অসম ক্ৰিকেট সন্থাৰ গৌৰৱময় ইতিহাস, গুৰুত্বপূৰ্ণ আৰ্কাইভ ৰেকৰ্ড, অসমৰ ক্ৰিকেট যাত্ৰাৰ বিভিন্ন পৰ্যায়ৰ স্মৰণীয় মুহূৰ্ত সংৰক্ষণৰ লক্ষ্যৰে এই সংগ্ৰহালয়টো স্থাপন কৰা হৈছে । এই সংগ্ৰহালয়টোৱে নৱপ্ৰজন্ম অসমত ক্ৰিকেটৰ দীঘলীয়া যাত্ৰাৰ বিভিন্ন দিশৰ সৈতে পৰিচিত কৰোৱাৰ লগতে তেওঁলোকক যথেষ্টভাৱে অনুপ্রাণিত কৰিব বুলি আশা কৰা হৈছে ৷ আনহাতে, বিগত সময়ত অসমত ক্রিকেট খেল কেনেদৰে আগবাঢ়িছিল, প্রথিতযশা ক্রিকেটাৰসকলৰ অৱদান আৰু বিভিন্ন নিৰ্ণায়ক ঘটনাৰাজিৰ সুন্দৰ আলোকচিত্ৰ আৰু বৰ্ণনাৰে সামৰি লোৱা তথ্যচিত্ৰখন হৈছে ১৯৪৮ চনত প্রতিষ্ঠা হোৱা এচিএৰ গৌৰৱোজ্জ্বল যাত্ৰাৰ এখন অনন্য দলিল।

তথ্যচিত্ৰখন পৰিচালনা কৰিছে সমুজ্জ্বল কাশ্যপে। উক্ত দুয়োটা গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই অসম ক্রিকেট সন্থাৰ বিষয়ববীয়া আৰু শুভাকাংক্ষীসকলক ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানটোত বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়া, অসম ক্রিকেট সন্থাৰ সভাপতি তথা বিধায়ক তৰংগ গগৈ প্রমুখ্যে গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। ক্ৰিকেট সংগ্ৰহালয় আৰু তথ্যচিত্ৰখন মুকলি কৰাৰ পাছত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম এক্সত কয়,”অসম ক্ৰিকেট সংগ্রহালয় হৈছে অসম ক্ৰিকেটৰ চহকী ইতিহাসৰ এক গৌৰৱময় চানেকি । স্বাধীনতাৰ পূৰ্বৰে পৰা আৰম্ভ কৰি বিগত সময়ছোৱাৰ অসম ক্ৰিকেটৰ পথিকৃৎসকলৰ স্মৃতি ধৰি ৰখা এই সংগ্রহালয় স্বনামধন্য ক্রিকেটাৰসকলৰ প্ৰতি অসমবাসীৰ গভীৰ শ্ৰদ্ধাৰো প্ৰতীক । এই সংগ্ৰহালয়টোৱে উঠি অহা প্ৰজন্মক অসমত ক্ৰিকেটৰ দীঘলীয়া যাত্ৰাৰ বিভিন্ন দিশৰ সৈতে পৰিচিত কৰোৱাৰ লগতে তেওঁলোকক যথেষ্টভাৱে অনুপ্রাণিত কৰিব ।” তেওঁ লগতে কয়, “কিছু সময় পূৰ্বে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়াম চৌহদত অনন্য সংগ্ৰহালয়টি ক্ৰীড়াপ্ৰেমী ৰাইজলৈ উছৰ্গা কৰাৰ সৌভাগ্য হয় ৷ একে অনুষ্ঠানতে বিগত সময়ছোৱাত অসম ক্রিকেটৰ উত্থান, ঘাত-প্ৰতিঘাত, প্রথিতযশা ক্রিকেটাৰসকলৰ অৱদান আৰু বিভিন্ন নিৰ্ণায়ক ঘটনাৰাজি সামৰি প্ৰস্তুত কৰা অসম ক্ৰিকেট সন্থাৰ ‘The Golden Innings: Legacy of Assam Cricket’ শীৰ্ষক তথ্যচিত্ৰখনো উন্মোচিত কৰিবলৈ পাই আহ্লাদিত হৈছোঁ ৷ বিশেষ পদক্ষেপৰাজিৰ আঁৰৰ অসম ক্ৰিকেট সন্থা তথা প্ৰতিজনলৈ কৃতজ্ঞতা জনাইছোঁ৷”
