চৰকাৰে নিৰ্ধাৰণ কৰা দামত সামগ্ৰী বিক্ৰী নকৰিলে বাতিল হ’ব অনুজ্ঞা

চৰকাৰে নিৰ্ধাৰণ কৰা দামত সামগ্ৰী বিক্ৰী নকৰিলে বাতিল হ’ব অনুজ্ঞা

ৰঙিলী বাৰ্ত্তাসেৱা- ইন্ধনজাত সামগ্ৰীৰ দাম বৃদ্ধিৰ পিছতে বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক দাম বৃদ্ধিয়ে একপ্ৰকাৰ দিশহাৰা কৰিছে সাধাৰণ লোকক।  ৰাজ্যত হোৱা এনে আকাশলংঘী মূল্যবৃদ্ধিক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈ পৰিছে ৷ মুখ্যমন্ত্ৰীৰ স্পষ্ট ঘোষণা- অস্বাভাৱিক দাম বৃদ্ধি কৰিলে বাতিল হ’ব ট্রেড লাইচেঞ্চ। তদুপৰি এতিয়াৰে পৰা সকলো দোকানত খুচুৰা, পাইকাৰী মূল্য প্ৰদৰ্শন কৰাটো হ’ব বাধ্যতামূলক।অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সন্দৰ্ভত সোমবাৰে মুখ্যমন্ত্ৰী ড°  হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত  এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকতে মুখ্যমন্ত্রী ড° শৰ্মাই বজাৰৰ সন্তুলন ব্যৱস্থা অব্যাহত ৰখা আৰু যিকোনো অস্বাভাৱিক দাম বৃদ্ধি ৰোধ কৰাৰ বাবে কেতবোৰ নিৰ্দেশনা জাৰি কৰে। এই অনুসৰি জিলা আয়ুক্তৰ নেতৃত্বত ৩-৪ দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতিৰ বৈঠক আহ্বান কৰা হ’ব। এই বৈঠকতে অত্যাৱশ্যকীয় সকলো সামগ্ৰীৰ দাম বৃদ্ধিৰ ওপৰত পৰ্যালোচনা কৰা হ’ব তথা কোনো ব্যৱসায়ীয়ে অস্বাভাৱিক দাম বৃদ্ধি কৰিছে নেকি সেই দিশতো চকু ৰখা হ’ব। আন এক নির্দেশ অনুসৰি সকলো দোকান আৰু পাইকাৰী বিপণীত খুচুৰা আৰু পাইকাৰী মূল্য প্ৰদৰ্শন কৰাটো এতিয়াৰে পৰা বাধ্যতামূলক হ’ব। অর্থাৎ প্রতিখন দোকানে খুচুৰা মূল্য আৰু পাইকাৰী মূল্যৰ তালিকা আঁৰি থ’ব লাগিব। জিলা আয়ুক্ত, চেম্বাৰ আৰু বাণিজ্যিক সংস্থাবোৰৰ মাজত সাপ্তাহিক পর্যালোচনা বৈঠক অনুষ্ঠিত হ’ব।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি অস্বাভাৱিক দাম বৃদ্ধি ধৰা পেলোৱা আৰু প্ৰতিৰোধৰ বাবে তীব্ৰতৰ ক্ষেত্ৰ পৰ্যায়ৰ নিৰীক্ষণ হ’ব। অর্থাৎ এতিয়াৰে পৰা ৰাজ্যৰ প্ৰতিখন বজাৰতে ছাডেন ভিজিটেৰে সামগ্ৰীৰ দাম বৃদ্ধিৰ বিষয়টো পৰীক্ষা কৰা হ’ব। ইফালে, ৰন্ধন গেছৰ নাটনি আৰু ক’লা বজাৰত এলপিজি চিলিণ্ডাৰৰ বিক্ৰীক লৈও মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰে। সেইমৰ্মে এলপিজি চিলিণ্ডাৰ বিতৰণৰ আসোঁৱাহ দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ উজ্জ্বালা যোজনাৰ হিতাধিকাৰীসকলক দ্রুত আধাৰ সংযোগ কৰাৰ নিৰ্দেশ দিয়া হৈছে। অৰ্থাৎ ৰন্ধন গেছৰ উপভোক্তাসকলৰ আধাৰ লিংক বাধ্যতামূলক হ’ব। মন কৰিবলগীয়া যে ৰাজ্যত পেট্ৰ’ল-ডিজেলৰ হঠাৎ দাম বৃদ্ধিয়ে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। প্রায় প্রতিবিধ খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ ফলত বজাৰত সৃষ্টি হৈছে বিশৃংখলতা। পৰিস্থিতিৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে খাদ্য সামগ্ৰীৰ দাম ১০-১৫ টকালৈ বৃদ্ধি কৰাৰ লগতে কৃত্রিম নাটনিৰো ইংগিত প্রদান কৰিছে। এনে অৱস্থাত খুচুৰা বজাৰৰ লগতে পাইকাৰী বজাৰতো প্ৰতিদিনে বৃদ্ধি পাইছে সামগ্ৰীৰ দাম। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই মুখ্যমন্ত্ৰীয়ে জাৰি কৰা কঠোৰ নির্দেশনাই বজাৰৰ দাম নিয়ন্ত্ৰণ কৰাৰ সম্ভাৱনা আছে। অস্বাভাৱিক দাম বৃদ্ধি কৰা ব্যৱসায়ীৰ বিৰুদ্ধে লাইচেঞ্চ বাতিলৰ বাবে দিয়া সকীয়নিয়ে বজাৰৰ দাম নিয়ন্ত্ৰণ কৰিব বুলি আশা ৰাখিছে ৰাইজে।