বৰেণ্য কথাশিল্পী ড০ নগেন শইকীয়াৰ আশু-আৰোগ্য কামনা

বৰেণ্য কথাশিল্পী ড০ নগেন শইকীয়াৰ আশু-আৰোগ্য কামনা

ৰঙিলী বাৰ্ত্তাসেৱা- অসম সাহিত্য সভাৰ ভূতপূর্ব সভাপতি, বৰেণ্য কথাশিল্পী, প্ৰথিতযশা সাহিত্যিক, “মিত-ভাষ” স্ৰষ্টা ড০ নগেন শইকীয়া চাৰ ডিব্ৰুগড়স্থিত আদিত্য নাৰ্ছিং হোমত ভৰ্তি হোৱাত উদ্বিগ্ন হৈ পৰিছে সাহিত্য- বৌদ্ধিক জগত। তেখেতৰ অতিশীঘ্ৰে আশু-আৰোগ্য কামনা কৰিছে “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম)এ। এক বাৰ্তাত “বহুবাক”ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- “ড০ নগেন শইকীয়া চাৰ শীঘ্রেই সুষ্ঠ হওক। ভগৱানে চকু মেলি চাওক। ড০ শইকীয়া চাৰে অসমীয়াৰ স্বাভিমান ৰক্ষাৰ বাবে পুনৰ শক্তিশালী ভাৱে কলম চলাওক। নিৰলস ভাৱে অনুপম সাহিত্য সৃষ্টি কৰক।” ড০ নগেন শইকীয়া চাৰৰ আশু-আৰোগ্য কামনা কৰিছে বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, গাৰো সাহিত্য সভাৰ সভাপতি সৰোজ চাংমা, তিৱা সাহিত্য সভাৰ উপ-সভাপতি শৰৎ চন্দ্র পাটৰ আমচি, নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী ড০ মলিনা দেৱী ৰাভা, নাৰী কল্যাণ মঞ্চ,অসমৰ সচিব প্ৰধান ড০ অসমী গগৈ, অসম শিশু সাহিত্য সমাজ, “কল্পতৰু” (এক মননশীল সাহিত্যানুষ্ঠান), “ৰং” (স্বেচ্ছাসেৱী অনুষ্ঠান), বঙৰা আঞ্চলিক সাহিত্য মঞ্চৰ সভাপতি গৌৰীকান্ত নাথ, দক্ষিণ কামৰূপ সচেতন মঞ্চ, পৰাগজ্যোতি প্ৰকাশন আদি বিভিন্ন অনুষ্ঠানে। সকলোৰে আশা ড০ নগেন শইকীয়া চাৰ অতি সোনকালে সুষ্ঠ হব লাগে।