বৰাক বিজেপিৰ প্ৰশংসাত পঞ্চমুখ অসম প্ৰদেশৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

Pc facebook

বৰাক বিজেপিৰ প্ৰশংসাত পঞ্চমুখ অসম প্ৰদেশৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

ৰঙিলী বাৰ্ত্তাসেৱা- অসম প্ৰদেশৰ ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্রথমবাৰলৈ বৰাক উপত্যকা ভ্ৰমণলৈ আহে ভৱেশ কলিতা। কাছাৰ জিলা বিজেপিৰ শিলচৰৰ দলীয় কার্যালয়ত অনুষ্ঠিত এখন সাংগঠনিক সভাত অংশ লৈ ভৱেশ কলিতাই কংগ্ৰেছ দলক তীব্ৰভাৱে সমালোচনা কৰে। ভৱেশ কলিতাই কয়— বিধানসভা আৰু উপ-নিৰ্বাচনৰ দৰে পৌৰসভা নির্বাচনতো দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰী পৰিয়ালকেন্দ্ৰিক কংগ্ৰেছক উৎখাত কৰিবলৈ অসমবাসী বদ্ধপৰিকৰ। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই বৰাক বিজেপিৰ প্ৰশংসাত পঞ্চমুখ হৈ কয় যে বৰাক বিজেপিৰ সাংগঠনিক ভেটি মজবুত থকা বাবেই আজি অসমত বিজেপিয়ে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। প্রথমবাৰ বৰাক উপত্যকাৰ পৰাই ৯জন বিধায়ক, ২জন সাংসদ উপহাৰ দিছিল বৰাক বিজেপিয়ে। এই সভাতে তেওঁ লগতে আগন্তুক পৌৰ সভা নিৰ্বাচনৰ বিষয়েও কয়। ৰাজ্যিক বিজেপিয়ে  ৰাজ্যত অনুষ্ঠিত হ’ব লগা ৭৯খন পৌৰসভা আৰু ২খন পৌৰ নিগম নিজৰ দখললৈ আনিবলৈ টঙালি বান্ধিছে ।সমগ্ৰ ৰাজ্যত গঠন কৰা হৈছে ৪০ খনকৈ সাংগঠনিক জিলা কমিটী। পৌৰ নিৰ্বাচনৰ বাবে গঠন কৰা হৈছে জিলা টলি আৰু মণ্ডল টলি। এই টলিসমূহে প্রতিবেদন দাখিল কৰাৰ পাছতে পৌৰসভা নিৰ্বাচনত জঁপিয়াই পৰিব বিজেপি। বিগত উপ-নির্বাচনৰ দৰে আসন্ন পৌৰসভা নির্বাচনতো বিজেপিয়ে আটাইকেইখন পৌৰসভা নিজৰ দখললৈ আনিবলৈ সক্ষম হ’ব বিজেপি।শিলচৰত এই কথা ঘোষণা কৰে ভৱেশ কলিতাই।