ভাৰতত ৭হেজাৰ নতুনকৈ কৰ’না সংক্ৰমণৰ ঘটনা

PC Olive- Diagnostics

ভাৰতত ৭হেজাৰ নতুনকৈ কৰ’না সংক্ৰমণৰ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত নতুনকৈ ৭,০৮১জন লোক কৰ’নাত সংক্ৰমিত হৈছে। নতুনকৈ সংক্ৰমিত হোৱা লোকৰ সৈতে ভাৰতত মুঠ সংক্ৰমিত লোকৰ সংখ্যা ৩,৪৭,৪০,২৭৫ লৈ বৃদ্ধি হয়। দেশখনত নতুনকৈৈ ২৬৪ জন লোকৰ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হৈছে। যাৰ ফলত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৭৭,৪২২ লৈ বৃদ্ধি পায়।লক্ষণীয়ভাৱে নতুনকৈ সংক্ৰমিত হোৱা লোক সকলৰ ভিতৰত কেৰালা ৩,২৯৭ জন লোক। কোৰালাত ২১৮জন লোকৰ মৃত্যু হৈছে। আনহাতে ভাৰততবৰ্তমান ৮৩,৯১৩টা সক্ৰিয় ঘটনা আছে। দৈনিক পজিটিভৰ হাৰ ০.৫৮%।