বৰভাগ অঞ্চলত সান্ধ্য আইনৰ সুযোগ গ্রহণ কৰি এচাম লোকে চুলাই- বিলাতী মদ,ভাং আৰু জুৱা খেলৰ প্ৰচলন কৰিছে

বাৰ্ত্তাসেৱা-  নলবাৰী জিলাৰ অন্তৰ্গত বৃহত্তৰ বৰভাগ অঞ্চলত সান্ধ্য আইনৰ সুযোগ গ্রহণ কৰি এচাম লোকে চুলাই- বিলাতী মদ,ভাং আৰু আন এচামে জুৱাৰ খেলৰ প্ৰচলন কৰিছে ।যোৱা ২০ মে’ত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,বৰভাগ আঞ্চলিক সমিতিয়ে নলবাৰী জিলা উপায়ুক্ত মহোদয়াক মেইল যোগে আৰু কমাৰকুছি আৰক্ষী চকীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ৰাজশ্রী বুঢ়াগোহাঁইক একোখনকৈ স্মাৰকপত্র প্ৰদান কৰে । বৰভাগ আঞ্চলিক সমিতিৰ সভাপতি চিন্ময় পৰাশৰ আৰু সাধাৰণ সম্পাদক ময়ুৰ ৰহমানে স্বাক্ষৰিত স্মাৰকপত্রৰ যোগেৰে গভীৰ উদ্বেগৰ কয় যে কভিড-১৯ য়ে মহামাৰীৰ ভয়াৱহ ৰূপ লোৱা বাবে চৰকাৰ আৰু প্ৰশাসনে কঠোৰভাৱে নীতি নিৰ্দেশনা জাৰি কৰিছে যদিও বৃহত্তৰ বৰভাগ অঞ্চলত এচাম ধুৰন্ধৰ আৰু অসচেতন লোকে অবৈধ চুলাই-বিলাতী মদ আৰু ভাংৰ ব্যৱসায় কৰি আছে আৰু আন এচামে ভিতৰুৱা অঞ্চলত জুৱা খেলৰ প্ৰচলন কৰিছে । যাৰফলস্বৰূপে সাধাৰণ নাগৰিক সকলক চিন্তিত কৰি তুলিছে । সেয়েহে অবৈধ মদৰ ব্যৱসায় আৰু জুৱাৰী সকলক তৎকালীন ভাবে বিচাৰি উপযুক্ত শাস্তি বিহিবলৈ সংগঠনটোৱে দাবী জনাই । স্মাৰকপত্র প্ৰদান কৰি নলবাৰী জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক ধীৰাজ কলিতাই কয় যে কৰ’ণা মহামাৰীৰ বাবে উদ্ভৱ হোৱা পৰিস্থিতিয়ে দৈনন্দিন জীৱন যাপন জটিল কৰি তুলিছে যদিও একাংশই নিৰ্ভয়ে অবৈধ ভাবে চলাই গৈছে মদ-ভাংৰ ব্যৱসায়। এই অবৈধ ব্যৱসায়ী সকলক অতিশীঘ্রে আটক কৰি উচিত শাস্তি বিহিবলৈ দাবী জনায়। স্মাৰকপত্র প্ৰদান কাৰ্যসূচীত আঞ্চলিক সমিতিৰ উপ-সভাপতি ৰাতুল আহমেদ, ৰকী ৰাজ আৰু যুটিয়া সম্পাদক চাজিদ আহমেদ অংশ লয়