ফটোৱেও কথা কয় – গৌতম শৰ্মা (ঋষভ)

ফটোৱেও কথা কয়

এখন এখনকৈ তাই বিয়াৰ ফটোবোৰ চাই গৈছে | ইমান ধুনীয়া মুহূৰ্তবোৰ চন্দনে লেন্সত আবদ্ধ কৰিছে | তাইৰ প্ৰতিটো হাহি, প্ৰতিটো ভংগিমা|
তাইৰ মনটো ভাল লাগি গ’ল | তাইৰ বাল্যবন্ধু চন্দনে বৰ হেপাহেৰে তুলিছ ফটোবোৰ ।

“পিছে চন্দনৰ লগত ফটো উঠিবলৈ পাহৰিলে নিকি তাই”
তাই স্ক্ৰোল কৰি কৰি কোনো মতে এখন ফটো পালে | বিয়াৰ দৰা কইনাৰ লগত, লাইনৰ একেবাৰে শেষত অপ্ৰস্তুত যেন লগা সেয়া চন্দন |

তাই জুম কৰিলে ফটো খনত | কিবা যেন এটা বিশেষত্ব আছে | আকৌ জুম কৰিলে মুখবোৰত | খুব মনোযোগেৰে চাই চাই তাই দেখিলে যেন চন্দনৰ চকুৰ কোনোবা কোণত জিলিকি আছে এক অশ্ৰু বিন্দু… কিহৰ বিষাদ বুকুত সাচি ৰাখিছিলে সি?

সিহতে একেলগে পাৰ
কৰা অজস্ৰ সময় তাইৰ মানস পটত ভাহি আহিল….

গৌতম শৰ্মা (ঋষভ)