বৰঝাৰ বিমানবন্দৰত ২৪ ঘন্টাই উপলব্ধ হ’ব যাত্ৰী সুৰক্ষা সেৱা

Pc- The Sentinel. Assam

বৰঝাৰ বিমানবন্দৰত ২৪ ঘন্টাই উপলব্ধ হ’ব যাত্ৰী সুৰক্ষা সেৱা

ৰঙিলী বাৰ্ত্তাসেৱা-  বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানকোঠৰ নতুন পৰিচালনা প্ৰতিষ্ঠান গুৱাহাটী ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেডে মহিলা যাত্ৰীসকলৰ লগতে অনান্য যাত্ৰীসকলক সহায় কৰিবলৈ কেতবোৰ ব্যবস্থা গ্ৰহণ কৰিছে। তাৰ ভিতৰত উল্লেখযোগ্য ব্যৱস্থাটো হৈছে আগমন কক্ষৰ সমুখভাগত ইউনিফৰ্ম পৰিহিত সুৰক্ষাকৰ্মী অহৰ্নিশে মজুত থাকিব। অকলশৰীয়া মহিলা যাত্ৰী নতুবা  সহায়ৰ প্ৰয়োজন হোৱা আন যাত্ৰীসকলে টেক্সি নতুবা আন যানবাহন ভাড়া কৰাৰ সময়ত তেওঁলোকৰ সহায় ল’ব পাৰিব। তাৰোপৰি, যাত্ৰা কৰি থকাৰ সময়ত কিবা অসুবিধা হ’লে জনাব পৰাকৈ সেই সুৰক্ষাকৰ্মী সকলে তেওঁলোকৰ নাম আৰু মোবাইল নম্বৰ লিখা এটা সৰু কাগজৰ টুকুৰা যাত্ৰীৰ হাতত তুলি দিব। দিনটোত সৰ্বমুঠ তিনিজন সুৰক্ষাকৰ্মীয়ে চৌবিশ  ঘন্টাই যাত্ৰীসকলৰ সহায়ৰ নিমিত্তে এই সেৱা প্ৰদান কৰিব। অৱশ্যে নিৰ্দিষ্ট সময় পাৰ হৈ যোৱাৰ পাছত এই নম্বৰৰ পৰা বিমানকোঠৰ আন সুবিধা সম্পৰ্কে কোনো তথ্য লাভ কৰিব পৰা নাযাব। ইয়াৰ উপৰিও অচিৰেই আগমন কক্ষৰ সমুখভাগ চি চি টিভিৰ দ্বাৰা একেধাৰে পৰ্যবেক্ষণ কৰি থাকিবলৈ বিমান কোঠটোৰ পৰিচালন সংস্থা গুৱাহাটী ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেডে পৰিকল্পনা কৰিছে।