দৰিদ্ৰ মহিলাৰ মাজত অনুভূতি নাগৰিক মঞ্চৰ কম্বল বিতৰণ

দৰিদ্ৰ মহিলাৰ মাজত অনুভূতি নাগৰিক মঞ্চৰ কম্বল বিতৰণ

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে কালি বহু সংখ্যক দৰিদ্ৰ মহিলাৰ মাজত কম্বল বিতৰণ কৰে। প্ৰচণ্ড শীতৰ প্ৰতি লক্ষ্য ৰাখি দিছপুৰ অনুভূতি নাগৰিক মঞ্চৰ সভাপতি মানসী আদিলৰ নেতৃত্বত যোৱা বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সদস্যা সকলে দক্ষিণ কামৰূপৰ ৰাণীৰ আঠিয়াবাৰী অঞ্চলত উপস্থিত হৈ দৰিদ্ৰ মহিলাৰ মাজত কম্বল বিতৰণ কৰে। অনুভূতিৰ হৈ জেছমিন আহমেদ, নাজলিন চুলতানা, অনুৱাৰা বেগম,পাৰবীন চুলতানা আৰু ৰুফিয়া বেগমে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচী সুচাৰুৰূপে ৰূপায়ণত মেহতাব হুছেইনকে ধৰি ৰাণী আঠিয়াবাৰীৰ স্থানীয় ৰাইজেও সহযোগিতা আগবঢ়াই। অনাগত দিনবোৰতো স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ এই কাৰ্যসূচী অব্যাহত থাকিব বুলি জানিবলৈ দিছে।