বৰগছ
অমৰদীপ কাকতি
বৰগছ এজোপা আছিল
যাৰ ঘাইশিপা গোটেই অসম জুৰি বিস্তৃত আছিল
তাৰ পাত, ঠাল-ঠেঙুলিবোৰে প্ৰতিঘৰ মানুহৰ চোতাললৈকে আৱৰি আছিল
মানুহে তাৰ ছাঁত জিৰণি লৈছিল
মাকবোৰে শিশুবোৰ নিচুকাইছিল, শুৱাইছিল
বতাহত যেতিয়া গছজোপাৰ পাতবোৰ লৰিছিল
তাৰ লহৰত মানুহবোৰ শান্তিতে টোপনি গৈছিল
বাৰিষা ভৰুণ হৈ উঠা নৈখনো আহি
গছজোপাৰ কোলাত জিৰাই পুনৰ উভতি গৈছিল।
বসন্তৰ আগজাননীও সেই গছজোপাই দিছিল
সেই গছজোপা ইঁতৰ প্ৰাণীবোৰৰো আশ্ৰয়স্থল আছিল
এতিয়া গছজোপা নাই
ধুমুহাত হাউলি পৰিল
আচলতে গছজোপা উভালি পেলোৱা হ’ল
এতিয়া মানুহবোৰৰ চিন্তাত টোপনি নাই
শান্তি নাই, আহৰি নাই
গছজোপা পুনৰ উভতাই পোৱাৰ অলীক কল্পনাত ভাৰাক্ৰান্ত সকলো
এতিয়া গছজোপাৰ চাৰিওফালে মাথো চকুপানীৰ সমদল ।
সেই গছজোপাৰ নাম – ” জুবিন গাৰ্গ “
বি:দ্ৰ: – জনতাৰ শিল্পী, অসম কন্ঠ, প্ৰতিজন অসমবাসীৰ হিয়াৰ আমঠু ” জুবিন গাৰ্গ ” ৰ শ্ৰীচৰণত উৎসৰ্গিত
