শ্যামকানু মহন্তৰ জামিনৰ শুনানি স্থগিত উচ্চতম ন্যায়ালয়ৰ
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু মৃত্যুৰ সৈতে জড়িত গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি উচ্চতম ন্যায়ালয়ে ৪ নৱেম্বৰলৈকে স্থগিত ৰাখিছে। সেয়েহে বাক্সা কাৰাগাৰত বন্দী হৈ থকা মহন্ত ন্যায়িক জিম্মাতে থাকিব লাগিব। ইয়াৰ পূৰ্বে ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে মহন্তৰ জামিন আবেদনৰ যুক্তি-তর্ক সামৰি ৫ অক্টোবৰত ৰায়দানৰ দিন ধাৰ্য কৰিছিল। সোমবাৰে যেতিয়া গোচৰটো পুনৰ উত্থাপন হয়, তেতিয়া অসম চৰকাৰে বিচাৰ প্ৰক্ৰিয়াৰ বৰ্তমানৰ স্থিতি সম্পর্কে ন্যায়ালয়ক অৱগত কৰায়। এজন প্রবাসী ভাৰতীয় (এনআৰআই) সাক্ষীৰ ভাষ্য এতিয়াও সম্পূর্ণ নোহোৱাৰ বাবেই ৰাজ্য চৰকাৰে বিচৰা মতে ন্যায়ালয়ে জামিন আবেদনৰ শুনানি ৪ নৱেম্বৰলৈ পিছুৱাই দিয়ে। ন্যায়ালয়ত চৰকাৰে প্ৰকাশ কৰা মতে, মাত্র ৭০ৰ পৰা ৮০ দিনৰ ভিতৰত ৯গৰাকী প্রবাসী ভাৰতীয়কে ধৰি মুঠ ১২২গৰাকী সাক্ষীৰ সাক্ষ্যগ্রহণ সম্পূৰ্ণ হৈছে। এই সন্দৰ্ভত ৰুজু হোৱা ৮৬খন এজাহাৰ পিছলৈ একেলগ কৰি এটা গোচৰ হিচাপে লোৱা হৈছিল। উল্লেখ্য যে ইয়াৰ পূর্বে বিগত ২৯ মে’ত গুৱাহাটী উচ্চ ন্যায়ালয়ে মহন্তৰ জামিন আবেদন নাকচ কৰাৰ পাছত তেওঁ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। উচ্চতম ন্যায়ালয়ে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া অপ্রয়োজনীয়ভাৱে পলম নকৰিবলৈ নিৰ্দেশ প্রদান কৰিছিল। আনহাতে উচ্চতম ন্যায়ালয়ত জুবিন হত্যাৰ অন্যতম মূল অভিযুক্ত শ্যামকানু মহন্তৰ জামিন নোহোৱাক লৈ প্রতিক্রিয়া ব্যক্ত কৰিছে জুবিন পত্নী গৰিমা শইকীয়া গার্গে। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ‘সদায় সত্যৰে জয় হ’ব’ বুলি সামাজিক মাধ্যমত শ্বেয়াৰ কৰি ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা প্ৰকাশ কৰিছে । পোষ্টত গৰিমাই লিখে- ভগৱানৰ আশীৰ্বাদ আৰু অসমীয়া ৰাইজৰ একত্ৰ প্ৰাৰ্থনাৰ শক্তি এয়া- সত্যৰ সদায় জয় হ’ব! আমাৰ দেশৰ ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আৰু সুদৃঢ় হ’ল আজি। সকলোলৈ অন্তৰৰ পৰা ধন্যবাদ। ইফালে জুবিন গাৰ্গ হত্যা গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত অন্যতম অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিনৰ শুনানি অব্যাহত আছে।
